ETV Bharat / state

পলাশবাৰীত অগপ-বিজেপিৰ পৃথকে পৃথকে দুখনকৈ সভা

author img

By

Published : Dec 27, 2020, 10:17 PM IST

Updated : Dec 27, 2020, 10:31 PM IST

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ৰামপুৰত একেটা দিনতে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে অনুষ্ঠিত কৰিছে পৃথকে পৃথকে দুখন সভা । উক্ত সভাৰ খনত অগপ নেতা কমলা কলিতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হিমাংশু প্ৰসাদ বৈশ্যই ৷

agp_bjp_meeting at Palashbari
পলাশবাৰীত অগপ বিজেপিৰ পৃথকে পথকে দুখন সভা

দক্ষিণ কামৰূপ, 27 ডিচেম্বৰঃ আগন্তুক 2021 চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ ৷ ইফালে প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে ৰণ কৌশল ৷ সমান্তৰালকৈ দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰীতো দেখা পোৱা গ'ল একেই দৃশ্য ৷

দেওবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধান পৰিষদৰ উদ্যোগত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ । এই সমৰোহত উপস্থিত থাকে অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন বিধায়ক কমলা কলিতাকে আদি কৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী নেতা ।

পলাশবাৰীত অগপ-বিজেপিৰ পৃথকে পৃথকে দুখনকৈ সভা

সভাখনত উপস্থিত হৈ অগপ সভাপতি অতুল বৰাই মন্তব্য কৰে যে, কংগ্ৰেছে ভাৰত স্বাধীন কৰাইছিল যদিও দেশৰ শাসনলৈ আহি অসম তথা ভাৰতৰ হৈ কোনো ধৰণৰ উন্নয়নৰ কাম কৰা নাই । তাৰ বিপৰীতে কংগ্ৰেছ দলে বাংলাদেশীক অসমলৈ অনুপ্ৰৱেশ কৰাত সহায় কৰাৰ লগতে ৰক্ষণাবেক্ষণ দিয়া বুলিহে কংগ্ৰেছ দলক কঠোৰ সমলোচনা কৰে নেতাগৰাকীয়ে । লগতে জাতীয়তাবাদী নতুন আঞ্চলিক দল সমূহৰ উত্থান দেখি মন্ত্ৰী কেৱশ মহন্তই কয় যে, জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ ৰাজপথৰ সংগ্ৰাম নহয় বুলি মন্তব্য কৰে । একেদৰে কমলা কলিতাই বিজেপিৰ দখলত থকা পলাশবাৰী সমষ্টিটো অগপই বিচাৰিব বুলি মন্তব্য কৰে ।

আনহাতে, একে দিনাই আৰু একে সময়তে বিজেপিয়েও পলাশবাৰী সমষ্টিৰ নহিৰাত অনুষ্ঠিত কৰে এখন দলীয় সভা । এই সভাত বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি হিমাংশু প্ৰসাদ বৈশ্য উপস্থিত থাকে ৷ সভাখনত উপস্থিত হৈ ৰামপুৰত অনুস্থিত হোৱা অগপৰ কমলা কলিতাৰ সভাত পলাশবাৰী সমষ্টিৰ পৰা বিশেষ কোনো মানুহে অংশগ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি, অন্য সমষ্টিৰ পৰাহে মানুহ গোটোৱা বুলি সমলোচনা কৰে বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক-ক্ৰমাৎ নিঃচিহ্ন হোৱাৰ পথত লখিমপুৰৰ ঐতিহাসিক ঘূণাসূঁতি

Last Updated : Dec 27, 2020, 10:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.