দক্ষিণ কামৰূপ, ১৭ অক্টোবৰ: প্ৰকাণ্ড অজগৰ উদ্ধাৰক লৈ কাতি বিহুৰ দিনাই দক্ষিণ কামৰূপৰ মিৰ্জাৰ জামৰতলত হাহাকাৰ পৰিস্থিতি। বাঁহৰ মাজত সোমাই থকা অৱস্থাত অজগৰ সাপডাল প্ৰত্যক্ষ কৰে স্থানীয় লোকে। প্ৰকাণ্ড অজগৰ দেখি আংতকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। কিছু সময়ৰ পিছত বাঁহৰ মাজৰ পৰা ওলাই আহে সাপডাল। স্থানীয় লোকে সাৱধানতাৰে অজগৰ সাপডাল উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। সাপডালৰ দৈৰ্ঘ প্ৰায় ৭ ফুট।
লগতে পঢ়ক:ৰাজ্য চৰকাৰলৈ CAGৰ জৰুৰী পত্ৰ