ETV Bharat / state

সেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক

কামৰূপৰ আজাৰাত ভুৱা সেনা জোৱান গ্ৰেপ্তাৰ। সেনাৰ পোছাক পিন্ধি নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত তহল দিবলৈ আহোতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এখন মাৰুতি চুইফ্ট বাহন আৰু ৫ খন বাইক জব্দ।

author img

By

Published : Nov 17, 2020, 1:04 PM IST

সেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক
সেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক

দক্ষিণ কামৰূপ, ১৭ নৱেম্বৰ: কামৰূপৰ আজাৰাত সেনাৰ বেশত অহা ১১ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোককেইজন ক্ৰমে গণেশ দাস, সৌৰভ শৰ্মা, ধিমন কৃষ্ণ, জয়মণি শৰ্মা, নয়নজ্যোতি গৌতম, বিজয় মণি শৰ্মা, দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা, জ্ঞানন্দ দাস আৰু কৌশিক ভূঞা ।

ধিমন কৃষ্ণৰ নেতৃত্বতে ভুৱা সেনা জোৱানৰ দলটোৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত তহল দিবলৈ আহিছিল । সেই সময়তে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে এখন মাৰুতি চুইফ্ট বাহন আৰু ৫ খন বাইক জব্দ কৰে। ইয়াৰ উপৰিও ভুৱা পৰিচয় পত্ৰও জব্দ কৰে আৰক্ষীয়ে ।

ধৃত লোককেইজনৰ ঘৰ পাটাছাৰকুছি, বাইহাটা চাৰিআলি, নলবাৰী আৰু সৰ্থেবাৰীত। বৰ্তমান আটাইকেইজনকে আৰক্ষীয়ে আজাৰা আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে । কি কাৰণত এই লোককেইজনে সেনা জোৱানৰ পোছাক পিন্ধি এনেদৰে বিমানবন্দৰত তহল দিয়াৰ দু:সাহস কৰিলে সেয়া আৰক্ষীৰ জেৰাত পোহৰলৈ আহিব ।

লগতে পঢ়ক: চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.