ETV Bharat / state

এম্বুলেন্স বিকল হৈ থকাক লৈ ৰামপুৰ স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - দক্ষিণ কামৰূপ

এম্বুলেন্স বিকল হৈ থকাক লৈ দক্ষিণ কামৰূপৰ ৰামপুৰ স্বাস্থ্যকেন্দ্ৰত বুধবাৰে নিশা উত্তেজনাময় পৰিস্থিতি। দুৰ্ঘটনাত আহত যুৱক-যুৱতীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ সময়তে এম্বুলেন্স বিকল হৈ থকাৰ কথা প্ৰকাশ কৰে কৰ্তৃপক্ষই । ইয়াকে লৈ চিকিৎসক আৰু স্থানীয় ৰাইজৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি ।

এম্বুলেন্স বিকল হৈ থকাক লৈ ৰামপুৰ স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 15, 2020, 5:11 PM IST

দক্ষিণ কামৰূপ, ১৫ অক্টোবৰ: দক্ষিণ কামৰূপৰ ৰামপুৰ ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এম্বুলেঞ্চ বিকল হৈ থকাক লৈ স্থানীয় ৰাইজ আৰু চিকিৎসকৰ মাজত বাকযুদ্ধ । স্বাস্থ্যকেন্দ্ৰ কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ উত্থাপনেৰে কৰ্মৰত চিকিৎসকক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে শ শ লোকে।

উল্লেখ্য যে, বুধবাৰে নিশা বিজয়নগৰৰ বাটৰহাটৰ ৰিলায়েন্স পেট্ৰ'ল পাম্পৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কুটী দুৰ্ঘটনাত পতিত হৈছিল । বিপৰীত দিশৰপৰা অহা দ্ৰুতবেগী বাহনে খুন্দিওৱাত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহী প্ৰাঞ্জল দাস আৰু মনালিছা মজুমদাৰ। স্থানীয় লোকে দুয়োকে ৰামপুৰ ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্তু সেই সময়তে স্বাস্থ্যকেন্দ্ৰটোৰ এম্বুলেন্সখন বিকল হৈ থকাৰ কথা প্ৰকাশ কৰে কৰ্তৃপক্ষই। ইয়াৰ পিছতে শ শ লোকে কৰ্মৰত চিকিৎসক গৰাকীক ঘেৰাও কৰি তৰ্কত লিপ্ত হয়।

এম্বুলেন্স বিকল হৈ থকাক লৈ ৰামপুৰ স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ক্ৰমান্বয়ে পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আৰক্ষীক খবৰ দিয়ে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্তৃপক্ষই । অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আন এখন এম্বুলেঞ্চেৰে আহত যুৱক-যুৱতীদ্বয়ক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.