ETV Bharat / state

Artist in Financial Crisis: আৰ্থিক সংকটত ৰঙিয়া শিল্পী গৌৰাংগ দাস

author img

By

Published : Dec 3, 2021, 9:57 PM IST

ৰঙিয়া পেৰেডি গীতৰ শিল্পী গৌৰাংগ দাস এতিয়া আৰ্থিক সংকটত (Artist Gauranga Das in financial crisis)। চৰকাৰী সুবিধা লগতে শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত শিল্পীগৰাকী । আৰ্থিক দুৰৱস্থাৰ বাবে উপযুক্ত চিকিৎসাৰ পৰাও বঞ্চিত শিল্পীগৰাকী ।

Artist in financial crisis
আৰ্থিক সংকটত ৰঙিয়া শিল্পী গৌৰাংগ দাস

ৰঙিয়া,৩ ডিচেম্বৰ: কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী জনপ্ৰিয় শিল্পী । নাম তেওঁৰ গৌৰাংগ দাস । মুৰাৰাৰ এই শিল্পীগৰাকীৰ পেৰেডি গীতে এসময়ত বহুতকে আমোদ দিছিল । সুদীৰ্ঘ ৩০ বছৰ সময় ধৰি পেৰেডি গীত পৰিৱেশনৰ লগতে অসমৰ সাংস্কৃতি জগতৰ বাবে বিভিন্ন ধৰণৰ বৰঙণি আগবঢ়াইছে গৌৰাংগ দাসে ।

৮০ আৰু ৯০ দশকত মঞ্চত পেৰেডি গীত পৰিৱেশন কৰি দৰ্শক-শ্ৰোতাক মোহিত কৰিছিল গৌৰাংগ দাসে । কিন্তু বাৰ্ধক্যজনিত কাৰণত বিগত কেইবাবছৰ ধৰি শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাই । যাৰ বাবে বৰ্তমান এই শিল্পীগৰাকী আৰ্থিক সংকটত পৰিছে (Artist Gauranga Das in financial crisis) । অভাৱ অনাটনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে শিল্পীগৰাকীয়ে ।

আৰ্থিক সংকটত ৰঙিয়া শিল্পী গৌৰাংগ দাস

আৰ্থিক দুৰৱস্থাই জুৰুলা কৰা শিল্পীগৰাকীয়ে নিজৰ উপযুক্ত চিকিৎসা কৰিবলৈও অপাৰগ । শিল্পীগৰাকীয়ে নিজৰ আৰ্থিক দুৰৱস্থাৰ কথা জনপ্ৰতিধিসকলক অৱগত কৰি আহিছে যদিও কোনোৱে তেওঁৰ সহায়ৰ বাবে উপস্থিত হোৱা নাই । চৰকাৰক শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিছে যদিও আজিলৈ তেওঁ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে (Artist Gauranga Das deprived of artist pension) ।

আৰ্থিকভাৱে সৱল বহু শিল্পীয়ে পেঞ্চন লাভ কৰিছে যদিও আৰ্থিক সংকটত পৰা এনে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হোৱা ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে । কাৰ ভুলৰ বাবে ৰঙিয়া এইগৰাকী গৌৰাংগ দাসে আজিলৈ পেঞ্চন বা চৰকাৰী সহায় লাভ কৰা নাই সেয়াও চিন্তাৰ বিষয় । এই প্ৰতিবেদন দেখাৰ পাছত দুৰ্ভগীয়া শিল্পীগৰাকীৰ প্ৰতি সহানুভূতিৰ হাত আগবঢ়াব নে চৰকাৰে ? সেয়া সময়ে ক'ব ৷

লগতে পঢ়ক :কেঁচুসাৰৰ উৎপাদনেৰে স্বাৱলম্বী মানিপুৰৰ একাংশ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.