ETV Bharat / state

মে' মাহৰ ভিতৰতে দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰিব আৰ্টফেডে - শুৱালকুছিত আৰ্টফেড

শুৱালকুছিত আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল ডেকাৰ সংবাদমেল। সংবাদমেলত সাংবাদিকৰ আগত মে' মাহৰ ভিতৰতে দুখীয়া শিপিনীৰ পৰা আৰ্টফেডে বস্ত্ৰ ক্ৰয় কৰিব বুলি কোৱাৰ উপৰিও কেইবাটাও মন্তব্য সদৰি কৰে ৷

ETV BHARAT
দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰিব আৰ্টফেডে
author img

By

Published : May 22, 2020, 6:10 PM IST

শুৱালকুছি,22 মেঃ শুৱালকুছিত আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল ডেকাৰ সংবাদমেল সম্বোধন । শিপিনীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্টফেডে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা বুলি সদৰি কৰে পৰিচালন সঞ্চালক গৰাকীয়ে ।

দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰিব আৰ্টফেডে

উল্লেখযোগ্য যে, মে' মাহৰ ভিতৰতে শুৱালকুছিৰ দুখীয়া শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় আৰম্ভ কৰিব আৰ্টফেডে । সংবাদমেলত এই কথা ঘোষণা কৰে আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাই । বৰ্তমানলৈ আৰ্টফেডৰ সূতা ৪,১৭৪ গৰাকী শুৱালকুছিৰ শিপিনীয়ে ক্ৰয় কৰি আহিছে ২০ শতাংশ ৰেহাই মূল্যত ২ কেজিকৈ সূতা । লক ডাউনৰ সময়ছোৱাতো সূতা ভড়ালৰ পৰা ১ হাজাৰ শিপিনীয়ে সূতা ক্ৰয় কৰিছে বুলি সদৰি কৰে বিষয়া গৰাকীয়ে । তাৰোপৰি, বংশৰ গাওঁ পঞ্চায়তৰ ৮৮৪ গৰাকী হিতাধিকাৰী য়াৰ্ণ বেংক আঁচনিত অন্তৰ্ভুক্ত হ'ব বুলিও কয় সঞ্চালক গৰাকীয়ে । লগতে শুৱালকুছিৰ শিপিনী সকলৰ বাবে কম সুতৰ হাৰত ঋণৰ ব্যৱস্থা কৰিব আৰ্টফেডে বুলি আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে সঞ্চালক গৰাকীয়ে । নিঃসন্দেহে এই সমুহ আঁচনি যদি কাৰ্যকৰী হয় তেন্তে উপকৃত হ'ব শুৱালকুছিৰ সকলো শিপিনী।

লগতে পঢ়ক- দক্ষ যুৱক-যুৱতীক সংস্থাপিত কৰিবলৈ উদ্যোগ মন্ত্ৰীৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.