দক্ষিণ কামৰূপ , 18 অক্টোবৰঃ বৃহস্পতিবাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈয়েই প্ৰতীক হাজেলাৰ বদলিৰ সন্দৰ্ভত বিষ্ফোৰক মন্তব্য আগবঢ়ালে অসম পাব্লিক ৱৰ্কছৰ অধ্যক্ষ অভিজিৎ শৰ্মাই ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কৃপাত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰি প্ৰতীক হাজেলা ভূপাললৈ পলায়ন কৰিছে বুলি মন্তব্য কৰে শৰ্মাই ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক কটাক্ষ কৰি অধ্যক্ষজনে কয় যে, কাতি বিহুৰ দিনা এজন অসমীয়াই নিজৰ জাতিটোক কঙাল কৰিলে ,শাস্তি পাব লগা এজন মানুহক কৌশলেৰে ভূপাললৈ পলুৱাই পঠিয়ালে ৷ লাখ লাখ বিদেশীক NRCৰ জড়িয়তে স্বদেশী কৰা প্ৰতীক হাজেলাই তেঁওৰ নিৰাপত্তাৰ বিষয়ে কেতিয়াবা কোনোবা থানাত এজাহাৰ বা অসম চৰকাৰৰ গৃহবিভাগক অৱগত কৰিছিল নেকি বুলিও প্ৰশ্ন তোলাৰ লগতে এন আৰ চিৰ নামত 1600 কৌটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে অভিজিৎ শৰ্মাই ।
লগতে পঢ়কঃ বিজেপিয়ে চেনী-চাউলৰ ৰাজনীতি কৰেঃ কংগ্ৰেছ