বকো,25 জানুৱাৰী : বিশিষ্ট সাংবাদিক তথা বিখ্যাত লেখিকা অনুৰাধা শৰ্মা পূজাৰী প্ৰথমখন জনপ্ৰিয় উপন্যাস 'হৃদয় এক বিজ্ঞাপন' নামৰ উপন্যাসখনে পালে নতুন ৰূপ ৷ লেখিকাগৰাকীৰ প্ৰথমখন বিখ্যাত উপন্যাস 'হৃদয় এক বিজ্ঞাপন' অনুবাদ হ’ল বড়ো ভাষালৈ ৷ এই উপন্যাসখন বড়ো ভাষালৈ অনুবাদ কৰিলে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বড়ো মাধ্যমৰ সহকাৰী অধ্যাপিকা ভৈৰৱী বড়োৱে ৷ সোমবাৰে মহাবিদ্যালয়খনত বড়ো ভাষাত অনুবাদ কৰা এই উপন্যাসখন উন্মোচন কৰিবলৈ মহাবিদ্যালয়ত উপস্থিত হয় অনুৰাধা শৰ্মা পূজাৰী ৷
এই অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ মূৰব্বী অধ্যাপক ডঃ অনিল বড়ো লগতে উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ তপন দত্ত সহিতে মহাবিদ্যালয়ৰ বহু কেইগৰাকী অধ্যাপক,অধ্যাপিকা ৷
লগতে পঢ়ক:লভ জেহাদ : উত্তৰ প্ৰদেশ চৰকাৰৰ আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ