ৰঙিয়া, 20 জুন : ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ মাজতে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ কলমনি বৰকুকুৰীয়া গাঁৱৰ পৰা আটক কৰিছে এজন আফিং সৰবৰাহকাৰীক ৷ আটকাধীন লোকজন ৱাহেদুৰ ৰহমান বুলি প্ৰকাশ কৰিছে ৰঙিয়া আৰক্ষীয়ে ৷ ধৃত ৱাহেদুৰ ৰহমানৰ পৰা 80 হাজাৰ টকা মূল্যৰ 712 গ্ৰাম আফিং জব্দ কৰিছে আৰক্ষীয়ে ৷
আৰক্ষীয়ে জনোৱা মতে, ধৃত ৱাহেদুৰে দীৰ্ঘদিন ধৰি এই নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বেহাৰ সৈতে জড়িত হৈ আছিল ৷ সম্প্ৰতি ৰঙিয়া থানাত অধিক তথ্যৰ বাবে ৱাহেদুৰক মাৰাথান জেৰা অব্যহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ কেইদিন মান পূৰ্বেও ৰঙিয়াৰ বিভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে ৷
উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষী ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰাৰ পাছতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ ইয়াৰে ভিতৰত নগাঁও জিলাত সৰ্বাধিক হাৰত জব্দ কৰা হয় ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰী ৷ লগতে আটক কৰা হয় বহু কেইজন ড্ৰাগছ মাফিয়াক ৷ জিলাখনত নতুনকৈ নিযুক্তি লাভ কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ পাছতে জালত পৰে কেইবাজনো দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ৷
অতি ৰহস্যজনকভাৱে গুৱাহাটী আৰক্ষীয়ে মেঘালয়ৰ দুগৰাকী মহিলাৰ পৰা জব্দ কৰিছিল প্ৰায় 2 কোটি টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন ৷ ইয়াৰ পাছতে অধিক সষ্টম হৈ অভিযান চলাই মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে মহানগৰ আৰক্ষীয়ে ৷ কেৱল ইমানেই নহয়, নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলোৱা আৰক্ষীৰ ওপৰত গুলীচালনাও কৰিছিল এজন ড্ৰাগছ মাফিয়াই ৷ এই ঘটনাই অধিক তৎপৰ কৰিছিল প্ৰতিখন জিলাৰে আৰক্ষী প্ৰশাসন ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা অভিযানৰ পাছতে পোহৰলৈ আহিছিল ৰাজ্যত অব্যাহত থকা ড্ৰাগছৰ কলা বজাৰৰ কলা কাহিনী ৷