বাইহাটা, 15 জুনঃ সোমবাৰে কমলপুৰৰ এগৰাকী কৰ্কট ৰোগীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ কমলপুৰৰ পানীটৈমাৰ কুসুম কলিতা নামৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে এই মহামাৰীত ৷ আক্ৰান্ত মহিলা গৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই যদিও, তেওঁ কৰ্কট ৰোগী হোৱা হেতুকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাৰ বাবে অহা-যোৱা কৰিছিল ৷
সামাজিক সংস্পৰ্শ হোৱাৰ বাবে মহিলাগৰাকীৰ দেহলৈ COVID-19 সংক্ৰমণ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সম্প্ৰতি মহিলা গৰাকীক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো কণ্টাইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ ইয়াৰোপৰি মহিলা গৰাকীৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্পৰ্শত অহা প্ৰায় 30 গৰাকী লোকৰ স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোকে ৷
লগতে পঢ়কঃ গুৱাহাটীত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ দেহত কোভিড-19 পজিটিভ