ETV Bharat / state

Amrit Kalash Yatra : হাতত অমৃত কলহ লৈ ঘৰে ঘৰে মাটি সংগ্ৰহ বিধায়ক ভৱেশ কলিতাৰ - গাঁও পঞ্চায়ত

ৰঙিয়াৰ বৈদ্যগড় গাঁও পঞ্চায়ত অমৃত কলহ যাত্ৰাৰ জৰিয়তে মাটি সংগ্ৰহ অভিযান আনুষ্ঠানিকভাৱে মুকলি ৷ হাতত অমৃত কলহ লৈ ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৷

Amrit Kalash Yatra Begins in Rangia
ৰঙিয়াত অমৃত কলহ যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 5:56 PM IST

অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক ভৱেশ কলিতাৰ

ৰঙিয়া, 28 ছেপ্টেম্বৰ : স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰৱৰ্তী কাৰ্যসূচী হিচাবে সমগ্ৰ ৰাষ্ট্ৰজুৰি 20 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈছে অমৃত কলহ যাত্ৰা ৷ তদুপলক্ষে বৃহস্পতিবাৰে ৰঙিয়াৰ বৈদ্যগড় গাঁও পঞ্চায়ততো অমৃত কলহ যাত্ৰাৰ জৰিয়তে মাটি সংগ্ৰহ অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ অনুষ্ঠানটি মুকলি কৰে স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ হাতত অমৃত কলহ লৈ ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৷

বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞাই আঁত ধৰা অনুষ্ঠানটোৰ শুভাৰম্ভণিৰ অনুষ্ঠানত বিজেপি দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, খণ্ড উন্নয়ন বিষয়া জয়ন্ত কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাৰ অন্তত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত উপস্থিত কৰ্মী তথা মহিলা সকলে অমৃত কলহ যাত্ৰাৰ সমদলত অংশগ্ৰহণ কৰে ৷

সমদলটোৱে বৈদ্যগড় অঞ্চলৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে আৰু বহুকেইঘৰ লোকৰ ঘৰৰ পৰা মাটি সংগ্ৰহ কৰে ৷ বৈদ্যগড়ত অনুষ্ঠান সমাপ্ত কৰি বিধায়ক গৰাকী ৰঙিয়াৰ বিছেন্নালা অভিমুখে ৰাওনা হয় ৷ বিছেন্নালাতো দলীয় কৰ্মী সকলৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু ৰাইজৰ লগত বিধায়ক গৰাকীয়ে ৰাইজৰ পৰা মাটি সংগ্ৰহ কৰে ৷ অমৃত কলহ যাত্ৰাত বৃহত্তৰ অঞ্চলটোৰ কেবাশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে অমৃত কলহ যাত্ৰা কাৰ্যসূচী ৷ অসমৰ জিলা জিলাই তথা পঞ্চায়ত সমূহত আৰম্ভ হোৱা এই কাৰ্যসূচীত শাসকীয় দল বিজেপিৰ মন্ত্ৰী-বিধায়কৰ লগতে দলৰ নেতা-কৰ্মী, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Assam Politics : ৰাজ্যৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তনৰ সম্ভাৱনা; প্ৰাক্তন আছু, অগপ নেতাৰ কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.