ETV Bharat / state

আমিনগাঁওস্থিত শক্তি বিভাগৰ উপ-সংমণ্ডলত অত্যাধুনিক পৰীক্ষাগাৰ উদ্বোধন

অসমৰ শক্তি খণ্ডক আধুনিকীকৰণৰ প্ৰয়াস শক্তি বিভাগৰ । আমিনগাঁৱত শক্তি বিভাগৰ উপ-সংমণ্ডলৰ অত্যাধুনিক পৰীক্ষাগাৰ উদ্বোধন । এই পৰীক্ষাগাৰত ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম আৰু এছিয়াৰ দ্বিতীয়টো CTPT যন্ত্ৰৰ সংযোজন ।

author img

By

Published : Feb 9, 2021, 2:09 PM IST

আমিনগাঁওস্থিত শক্তি বিভাগৰ উপ-সংমণ্ডলত অত্যাধুনিক পৰীক্ষাগাৰ উদ্বোধন
আমিনগাঁওস্থিত শক্তি বিভাগৰ উপ-সংমণ্ডলত অত্যাধুনিক পৰীক্ষাগাৰ উদ্বোধন

বাইহাটা, ৯ ফেব্ৰুৱাৰী: অসমৰ শক্তি খণ্ডত নতুন সংযোজন । ব্যয়বহুল আৰু অত্যাধুনিক পৰীক্ষাগাৰেৰে শক্তি খণ্ডক আধুনিকত্বৰ পৰশ দিয়াৰ প্ৰয়াস কৰিছে শক্তি বিভাগে । কামৰূপৰ আমিনগাঁৱত উদ্বোধন কৰা হৈছে শক্তি বিভাগৰ আমিনগাঁও উপ-সংমণ্ডলৰ অত্যাধুনিক পৰীক্ষাগাৰ । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাই এই অত্যাধুনিক পৰীক্ষাগাৰৰ উদ্বোধন কৰে । এই পৰীক্ষাগাৰত ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম আৰু এছিয়াৰ ভিতৰত দ্বিতীয়টো CTPT যন্ত্ৰৰ সংযোজন কৰা হৈছে ।

শক্তি খণ্ডৰে জড়িত হৈ পৰা অসাধু ব্যৱসায়ীক নাকী লগাই সঠিক প্ৰযুক্তি আৰু কৌশলেৰে উন্নত তথা লাভদায়ক সেৱা উপলব্ধ কৰাবলৈ শক্তি বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে । নতুনকৈ সংযোজিত এই অত্যাধুনিক যন্ত্ৰই সঠিক তথ্য যোগান ধৰিব বুলি আশা প্ৰকাশ কৰে ৰাকেশ আগৰৱালাই । পৰীক্ষাগাৰৰ উদ্বোধনী অনুষ্ঠানত অসমৰ তিনিটা মুখ্য সংমণ্ডলৰ শক্তি বিভাগৰ বিষয়া আৰু অভিযন্তা উপস্থিত থাকে । পৰীক্ষাগাৰ উদ্বোধন কৰাৰ পিছত এখন সভাও অনুষ্ঠিত হয় ।

অত্যাধুনিক পৰীক্ষাগাৰ মুকলি দিনটো অসমৰ বাবে গৌৰৱময় দিন বুলি মন্তব্য কৰে অভিযন্তাসকলে । এই পৰীক্ষাগাৰত শক্তি বিভাগে মিটাৰ বক্স, ট্ৰেন্সফৰ্মাৰৰ যাৱতীয় যন্ত্ৰ-পাতি আদি পৰীক্ষা কৰিব । যন্ত্ৰসমূহৰ আগতীয়া পৰীক্ষণে ভয়াৱহ অঘটন সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিব বুলিও আশাবাদী অসম শক্তি বিতৰণ কোম্পানী লিমিটেড কৰ্তৃপক্ষ ।

লগতে পঢ়ক:ৰঙিয়াৰ গকুল ষ্টোৰত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.