গুৱাহাটী, 13 মাৰ্চঃ শুকুৰবাৰে আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দ্বিতীয় বাৰ্ষিক শিশু সমাৰোহ উদযাপন কৰা হয়। দুদিনীয়াকৈ উদযাপন কৰা প্ৰতিষ্ঠা দিৱস আৰু সপ্তম বাৰ্ষিক শিশু সমাৰোহ কাৰ্যসূচীত পুৱাই এক বিশাল বৰ্ণাঢ্য সাংষ্কৃতিক শোভাযাত্ৰা উলিয়াই। এই সাংষ্কৃতিক শোভাযাত্ৰাত আমিনগাঁওৰ বিভিন্ন কণ কণ শিশু, বিদ্যালয় সমূহৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। এই শোভাযাত্ৰাত প্ৰদৰ্শিত হয় ৰাজ্যৰ বিভিন্ন কলা সংষ্কৃতিৰ সমাহাৰ। মুকলি সভাত আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ "চেমনীয়া" শীৰ্ষক বাৰ্ষিক শিশু সাহিত্য আলোচনী উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে । শিশু সমাৰোহত উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ,কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া,কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰাজেন মহন্ত আৰু যুৱ কবি-লেখক অধীৰ চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীয় বিশিষ্ট ব্যক্তি ।
লগতে চাওকঃমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাৰ হাতীয়েখোৱা ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা