বাইহাটা,১৮ মাৰ্চ: ডকাইতৰ কবলত পৰি পুনৰ সাঁচতীয়া ধন হেৰুৱালে ষ্টেট বেংকৰ আমিনগাঁও শাখাৰ এগৰাকী গ্ৰাহকে । বৃহস্পতিবাৰে ষ্টেট বেংকৰ আমিনগাঁও শাখাৰ সমীপত এই ঘটনা সংঘটিত হয় । এফালে, নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, আনফালে দিনতে ডকাইতৰ ত্ৰাস ।
বৃহস্পতিবাৰে ষ্টেট বেংকৰ শাখাটোৰ পৰা নগদ ২ লাখ টকা উলিয়াই ঘৰমুৱা হৈছিল কমলেশ্বৰ দাস নামৰ লোকজন । ব্যক্তিজনৰ পত্নীৰ হাতত আছিল টকাৰ বেগটো । পতি-পত্নী বেংকৰ পৰা ওলোৱাৰ পিছতে তেওঁলোকক বাইকেৰে অহা যুৱক দুজনে অনুসৰণ কৰে । প্ৰথমে এজন যুৱকে চেকপোষ্টৰ ওচৰতে কমলেশ্বৰ দাসৰ পত্নীৰ হাতৰ পৰা টকা থকা বেগটো কাঢ়ি নিয়ে ।
ইয়াৰ পিছতে নাটকীয় কৌশলেৰে আনজন যুৱকে সহায় কৰাৰ অচিলাৰে কমলেশ্বৰ দাসক অপহৰণ কৰে আৰু পিছত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সন্মুখত তেওঁক এৰি দিয়ে । একপ্ৰকাৰ চিনেমাত দেখুওৱাৰ দৰে ধন লুটি নিয়ে ডকাইতে । উল্লেখ্য যে, এসপ্তাহ পূৰ্বেও ষ্টেট বেংকৰ আমিনগাঁও শাখাৰ এগৰাকী গ্ৰাহকৰ পৰা ডকাইতে লুটি নিছিল ১.৫ লাখ টকা ।
লগতে পঢ়ক: মজিবুৰ ৰহমানৰ হৈ আজমলৰ প্ৰচাৰ