ETV Bharat / state

বকোৰ ৰাজাপাৰাত নিশা এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত হৈ এজনৰ মৃত্যু - GNRC

বকোৰ ৰাজাপাৰাত বৃহস্পতিবাৰে নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে এখন এম্বুলেঞ্চে ৷ দুৰ্ঘটনাগ্ৰস্ত এম্বুলেঞ্চখন নম্বৰ AS25 EC 6242 ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী বৃদ্ধা ৷

বকোৰ ৰাজাপাৰাত নিশা এম্বুলেঞ্চ দূৰ্ঘটনাগ্ৰস্ত হৈ এজনৰ মৃত্যু

author img

By

Published : May 21, 2021, 10:26 AM IST

বকো, 21 মে’: বকোৰ ৰাজাপাৰাত বৃহস্পতিবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয় GNRC ৰ এখন এম্বুলেঞ্চ । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে এম্বুলেঞ্চখনে । দুৰ্ঘটনাগ্ৰস্ত GNRC ৰ এম্বুলেঞ্চখন নম্বৰ AS25 EC 6242 ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী বৃদ্ধা ৷

এই পথ দুৰ্ঘটনাত নিহত বৃদ্ধাগৰাকী নুৰিমা খাতুন (৮০) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে, নুৰিমা খাতুনক মানকাচাৰৰ পৰা চিকিৎসাৰ বাবে GNRC লৈ অনা হৈছিল।

এই দুৰ্ঘটনাত এম্বুলেঞ্চখনত থকা চালকসহ ৮ জন আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ ভিতৰত ৩ জনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত তিনিওজনকে নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইজন হ'ল ক্ৰমে জাবেদা খাতুন আৰু চালেহা খাতুন ৷ বৰ্তমানলৈকে আঘাতপ্ৰাপ্ত এজন লোকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে নিশাই ঘটনাস্থলীত উপস্থিত হৈ বকো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷

লগতে পঢ়ক: নগাঁৱত দলং নিৰ্মাণত অনিয়ম: এমাহ পাচতেই খহিল দলঙৰ দুয়োপাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.