ETV Bharat / state

Fake B.ed degree: বিতৰ্কত ছয়গাঁৱৰ বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 1:30 PM IST

ছয়গাঁৱৰ বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ প্ৰধান শিক্ষকৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক তোফাজ্জল হকে ৷

Fake B ed degree
বিতৰ্কত ছয়গাঁৱৰ বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক

নিউজ ডেস্ক, 31 আগষ্ট : ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সময়তে এগৰাকী প্ৰধান শিক্ষকৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ছয়গাঁৱৰ বৰভিঠা হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল হামিদৰ বি এড ডিগ্ৰী ভুৱা বুলি অভিযোগ উত্থাপন কৰিছে একে বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক তোফাজ্জল হকে ৷ অভিযোগ মতে বৰভিঠা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল হামিদে ভুৱা বি এড আৰু ভুৱা বি এ উত্তীৰ্ণ কৰাৰ প্ৰমাণ পত্ৰৰে প্ৰধান শিক্ষক পদত অধিষ্ঠিত হৈ আছে ।

অভিযোগ অনুসৰি প্ৰধান শিক্ষক আব্দুল হামিদে বি এ উত্তীৰ্ণ হোৱা দেখুৱাইছে 2010 চনত ৷ বিপৰীতে ছয়গাঁও মহাবিদ্যালয়ত ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট দেখুৱা হৈছে 1991-92 চনত ৷ কিন্তু এফ এ আহমেদ মহাবিদ্যালয় গৰৈমাৰীৰ পৰা বি এ উত্তীৰ্ণ হৈছে ৷ এতিয়া প্ৰশ্ন হয় চৰকাৰী সহকাৰী শিক্ষকৰ দায়িত্ব পালন কৰি দৰমহা ভোগৰ সমান্তৰালভাৱে একে সময়তে কেনেদৰে বি এডত উত্তীৰ্ণ হ’ল প্ৰধান শিক্ষক আব্দুল হামিদ ৷

এই সকলো তথ্য ফাদিল কৰিছে বিদ্যালয়খনৰে সহকাৰী প্ৰধান শিক্ষক তোফাজ্জল হকে ৷ আৰ টি আই কৰ্মীৰ তথ্য বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাৰ লগতে জিলা আয়ুক্তলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে তোফাজ্জল হকে ৷

উল্লেখ্য যে, বৰভিঠা আঞ্চলিক হাইস্কুলত প্ৰায় ৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ ক্ষেত্ৰত প্ৰধান শিক্ষক আব্দুল হামিদে মনোনিৱেশ নকৰি নিজকে দোষমুক্ত কৰিবলৈ ছয়গাঁও মহাবিদ্যালয় আৰু এফ এ আহমেদ মহাবিদ্যালয়ৰ কাৰ্যালয়ত খোপনি পাতিছে ৷

এতিয়া প্ৰশ্ন হয়, অসম মাধ্যমিক শিক্ষা সঞ্চালক আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এইজন প্ৰধান শিক্ষক আব্দুল হামিদৰ অৰ্হতাৰ প্ৰমাণ পত্ৰৰ ওপৰত কি তদন্ত কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Murder at Changsari: সহকৰ্মীয়ে নৃশংসভাৱে মৰিয়াই হত্য়া কৰিলে এইমছৰ কৰ্মচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.