ETV Bharat / state

Karishma Nath Controversy: ১০ দিনৰ ভিতৰত ক্ষমা খোজক কৰিশ্মা নাথে !

author img

By

Published : Mar 20, 2023, 8:23 PM IST

কৰিশ্মা নাথৰ বিতৰ্ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে সদৌ অসম নাগাৰা নাম সংঘই(Nagara Nam Controversy) । সংঘৰ সম্পাদক নিপন দত্ত কলিতাই সংবাদ মাধ্যমৰ আগত কৰিশ্মা নাথক এঘৰীয়া বা বহিস্কাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰে । লগতে পাঠকৰ সৈতে নাম পৰিৱেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নাগাৰা নাম সংঘই(All Assam Nagara Naam Sangha on Karishma Nath controversy) ।

All Assam Nagara Naam Sangha on Karishma Nath controversy
১০ দিনৰ ভিতৰত ক্ষমা খোজক কৰিশ্মা নাথে
১০ দিনৰ ভিতৰত ক্ষমা খোজক কৰিশ্মা নাথে

ৰঙিয়া,২০ মাৰ্চ: পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে নাগাৰা নাম পৰিৱেশন কৰা কৰিশ্মা নাথ(Karishma Nath Controversy) । নাগাৰা নাম সংঘৰ বিৰুদ্ধে কৰিশ্মা নাথে বিকৃত মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নাগাৰা নাম সংঘই । সংঘৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰি পাঠকৰ সৈতে নাম পৰিৱেশন নকৰাৰ সিদ্ধান্ত সদৌ অসম নাগাৰা নাম সংঘৰ । সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক নিপন দত্ত কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই স্থিতি(All Assam Nagara Naam Sangha on Karishma Nath controversy) ।

সদৌ অসম নাগাৰা নাম সংঘই অন্য পাঠকৰ ক্ষেত্ৰত নৰম স্থিতি আৰু কৰিশ্মা নাথৰ বিৰুদ্ধে আক্ৰোষমূলকভাৱে স্থিতি লোৱা নাই বুলিও উল্লেখ কৰে সম্পাদকগৰাকীয়ে । প্ৰথমৱস্থাত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱা নাছিল কিন্তু এইবাৰ কৰিশ্মা নাথৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰচাৰ হোৱা বাবে বেছিকৈ বিতৰ্ক হৈছে । কৰিশ্মা নাথক এঘৰীয়া অথবা বহিষ্কাৰ কৰা হোৱা নাই বুলিও স্পষ্ট কৰে সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক নিপন দত্ত কলিতাই(Nagara Nam Controversy) ।

কৰিশ্মা নাথে নাগাৰা নাম পাঠ কৰা অনুষ্ঠানত সদৌ অসম নাগাৰা নাম সংঘৰ কোনো পাঠকে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তহে লৈছে কয় সম্পাদকগৰাকীয়ে(Karishma Nath accused of distorting Nagara Nam ) । পে পে পে বিতৰ্ক সম্পৰ্কে মন্তব্য কৰি সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক নিপন দত্ত কলিতাই কয় যে আচলতে প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত পে পে পে কোনো বিতৰ্কৰ বিষয় নহয় ।

দৰাচলতে কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশনত অন্যন্যা কেইবাটাও বিকৃত মুদ্ৰা উপস্থাপন কৰিছে । কৰিশ্মা নাথে "ভোজ খোৱা" সংগঠন বুলি সামাজিক মাধ্যমত সমালোচনা কৰা মন্তব্যৰহে বিৰোধিতা কৰিছে সদৌ অসম নাগাৰা নাম সংঘই । এতিয়াও যদি কৰিশ্মা নাথে এসপ্তাহ বা ১০ দিনৰ ভিতৰত ক্ষমা বিচাৰে তেন্তে কৰিশ্মা নাথক ক্ষমা কৰি দিয়া হ'ব বুলি উল্লেখ কৰে সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক নিপন দত্ত কলিতাই ।

লগতে পঢ়ক: Budget session: ৰাহুল গান্ধীৰ বক্তব্যক লৈ উত্তাল হৈ পৰিছে দুয়োখন সদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.