ETV Bharat / state

Mid Day Meal Workers Union: প্ৰাপ্য আদায় নিদিলে আন্দোলন কৰিবলৈ সাজু মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন

author img

By

Published : Apr 13, 2023, 7:48 PM IST

বিহুলৈ মাজত মাথো এদিন ৷ বিহুৰ পূৰ্বে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে পাবলগীয়া 6 মাহৰ প্ৰাপ্য ধন বিচাৰি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে এক সংবাদমেলযোগে চৰকাৰক তুলাধুনা দিয়ে (Mid Day Meal Workers Union press meet) ৷

All Assam Mid Day Meal Workers Union press meet
প্ৰাপ্য আদায় দিয়ক অন্যথা ৰন্ধন কৰ্মীৰ আন্দোলনলৈ সাজু হওক

ৰঙিয়া, 13 এপ্ৰিল : নিজ প্ৰাপ্য বিচাৰি বৃহস্পতিবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰঙিয়াত এখন সংবাদমেল আয়োজন কৰে (Mid Day Meal Workers Union press meet )। সংগঠনটোৰ সভানেত্ৰী ভনিতা পাঠক ৰয়ে সংবাদমেলখন সম্বোধন কৰি কয়, "কৰ্মচাৰীসকলে ২০২৩ বৰ্ষত বৰ্তমানলৈ প্ৰাপ্য মাননীৰ এটকাও পোৱা নাই । আনকি বিগত বৰ্ষৰো 2 মাহৰ সম্পূৰ্ণ মাননী লাভ কৰা নাই (Mid Day Meal Workers demand salary) ৷ আমি শেহতীয়াকৈ কাহিলীপাৰাত আন্দোলন কৰাৰ পিচতেই আমাক অলপ মাননী দিলে ৷ কিন্তু তাৰ পিচৰ পৰাই আমি কোনোধৰণৰ মাননী লাভ কৰা নাই ৷"

মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে (All Assam Mid Day Meal Workers Union) ক্ষোভ প্ৰকাশ কৰি কয়, "শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰে যে আন্দোলন কৰিলে আমি প্ৰাপ্য নিদিও ৷ আন্দোলন মানুহে উৎসৱত কৰে নেকি ? আন্দোলন মানুহে ফূৰ্তিত কৰে নেকি ? যদি আমাৰ প্ৰাপ্য আমাক চৰকাৰে প্ৰদান কৰিলে হয় তেনেহ’লে আন্দোলন কৰাৰ কোনো কাৰণেই নাছিল ৷ আমি ইমানেই বিচাৰিছো যে আমাক চৰকাৰে আমাৰ প্ৰাপ্য দিয়ক ৷ শিক্ষকে শিক্ষা দিছে, আমি ৰান্ধি খুৱাইছো ৷"

তেওঁ লগতে কয়, "চৰকাৰে কয় আমাক পইচা দিবলৈ পইচা নাই , কিন্তু চৰকাৰৰ হাতত বিহু পাতিবলৈ 100 কোটি টকা আছে ৷ অসমৰ চৰকাৰখনে ভেঞ্চাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ পৰিকল্পনা কৰি সেই প্রাথমিক বিদ্যালয়সমূহলৈ মধ্যাহ্ন ভোজনৰ চাউল যোগান বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । বিহু নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়িবলৈ আগবঢ়া চৰকাৰখনে বিহুৰ বতৰতে ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয়ৰ লক্ষাধিক দৰিদ্র শিক্ষার্থী শিশুৰ মুখৰ ভাত কাঢ়ি নিছে, ভেঞ্চাৰ বিদ্যালয়ত বিনা বেতনে শিক্ষাদান কৰা কৰি সহস্ৰাধিক শিক্ষকৰ ভবিষ্যত অন্ধকাৰ কৰি তুলিছে ৷ কেৱল এয়াই নহয় চৰকাৰে ১৫ হাজাৰতকৈও অধিক ৰন্ধন কৰ্মীৰ ১৫ শ টকীয়া মাননীৰ কামটোও নাইকিয়া কৰাৰ ব্যৱস্থা কৰিলে।"

লগতে পঢ়ক: Statue of Taburam Taid : আজিও নিৰ্মাণ সম্পূৰ্ণ নহ'ল টাবুৰাম টাইডৰ প্ৰতিমূৰ্তিৰ

কেৱল ভোটৰ স্বাৰ্থত আঁচনিৰ পিচত আঁচনি ঘোষণা কৰি ঋণ লৈ হিতাধিকাৰীক ধন বিলোৱা চৰকাৰখনে ৰঙালী বিহু আৰু ঈদৰ সময়ত নিয়াৰিকৈ কর্তব্য পালন কৰি অহা ৰন্ধন কর্মীসকলক প্রাপ্য মাননীখিনিও আদায় দিব নোৱৰে বুলি কৈ চৰকাৰখনক সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে তীব্ৰ গৰিহণা দিয়ে । লগতে তৎকালে সমস্ত বকেয়া মাননী প্ৰদান কৰা আৰু ভেঞ্চাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনি বাহাল ৰখাৰ দাবী জনায়।

যদিহে দাবীসমূহ মানি লোৱা নহয় , অসমৰ ১ লাখ ১৭ হাজাৰ ৰন্ধন কৰ্মীৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈ চৰকাৰক সকিয়নী দিয়ে (Mid Day Meal Workers Union protest)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.