ETV Bharat / state

AJYCP Annual Conference: ৰঙিয়াত যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন

author img

By

Published : Oct 23, 2022, 10:36 PM IST

দেওবাৰে ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad) ৰঙিয়া জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় (AJYCP Rangia District Committee Annual Conference) ।অধিৱেশনৰ প্ৰতিনিধি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই (AJYCP general secretary Palash Changmai) ।

AJYP Rangia District Committee Annual Conference held at Rangia
ৰঙিয়াত AJYP ৰঙিয়া জিলা সমিতিৰ বাৰ্ষিক অধিৱেশ অনুষ্ঠিত

ৰঙিয়া, 23 অক্টোবৰ: দেওবাৰে ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Asom Jatiyatabadi Yuba Chatra Parishad) ৰঙিয়া জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় (AJYCP Rangia District Committee Annual Conference) । ৰঙিয়াৰ ঐতিহ্যপূৰ্ণ কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত কৰা হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনখন ।

বহু দিনৰ পৰা ভংগ হৈ থকা জিলা সমিতিখনক দেওবাৰে ছয়টা আঞ্চলিকক সন্নিবিষ্ট কৰি গঠন কৰা হয় ৷ দেওবাৰৰ কাৰ্যসূচীৰ প্ৰতিনিধি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই (AJYCP general secretary Palash Changmai) । প্ৰতিনিধি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সংগঠন শক্তিশালী কৰিব পৰা কেতবোৰ বিষয় সম্পৰ্কে প্ৰতিনিধি সকলৰ লগত আলোচনা কৰে ।

আনহাতে সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কা’ আন্দোলন সন্দৰ্ভত শেহতীয়া স্থিতি স্পষ্ট কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে নিৰ্বাচনত ভোট দিলেই বিদেশী নাগৰিকৰ বোজা আদৰি ল’বলৈ জনসাধাৰণ বাধ্য নহয় । ক’ভিড পৰিস্থিতি বা আন আন কাৰণত সংগ্ৰাম স্তিমিত হৈ ৰ’ল বুলি দোহাৰি চাংমাইয়ে আৰু কয় যে এতিয়া সংগ্ৰাম কৰিবলৈ আহ্বান জনালে মানুহ ওলাই নাহে । ইয়াৰ বিপৰীতে যেতিয়াই আইনখন প্ৰয়োগ হ’ব তেতিয়াই স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব ।

বিজেপি দলেও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ দিয়া শপতনামা সময়মতে দিব নোৱৰা বুলি উল্লেখ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে প্ৰকৃত পক্ষে কা’ আইন প্ৰয়োগ কৰিবলৈ চৰকাৰে ভয় খাই আছে । বিগত ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দৰে অসমত অসমীয়া মানুহৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা তথা সচেতনতা এতিয়াও কমি যোৱা নাই বুলি উল্লেখ কৰে চাংমাইয়ে ৷

লগতে পঢ়ক: Pradyut Bordoloi appreciates Rupak Sarmah: একেখন মঞ্চত প্ৰদ্যুৎ বৰদলৈ-ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.