ETV Bharat / state

অসম জাতীয় পৰিষদৰ জাহাজ অসমত নচলে: কমলা কলিতা

দেওবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক চিহ্ন নিৰ্ধাৰন কৰাৰ পাছতেই দলটোক সমালোচনা কৰে জ্যেষ্ঠ অগপ নেতা কমলা কলিতাই ৷ উত্তৰ গুৱাহাটীত অগপৰ বিশাল নিৰ্বাচনী সভাত অংশ লৈ কলিতাই কয়, অসম জাতীয় পৰিষদৰ জাহাজ অসমত নচলে ৷

অসম জাতীয় পৰিষদৰ জাহাজ অসমত নচলে:কমলা কলিতা

author img

By

Published : Feb 28, 2021, 9:04 PM IST

Updated : Feb 28, 2021, 9:13 PM IST

বাইহাটা,28 ফেব্ৰুৱাৰী: নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাচতেই ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে বোকা চটিওৱাৰ ৰাজনীতি ৷ এটা দলে আন এটা দলক সমালোচনা কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাত ব্যস্ত হৈ পৰিছে ৷ দেওবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক চিহ্ন নিৰ্ধাৰন কৰাৰ পাছতেই দলটোক সমালোচনা কৰে জ্যেষ্ঠ অগপ নেতা কমলা কলিতাই ৷ জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটীত অগপৰ বিশাল নিৰ্বাচনী সভা কলিতাই কয়, অসম জাতীয় পৰিষদৰ জাহাজ অসমত নচলে ৷

অসম জাতীয় পৰিষদৰ জাহাজ অসমত নচলে: কমলা কলিতা

ইয়াৰ সমান্তৰালভাৱে এই নিৰ্বাচনী সভাত দেখা গ'ল বহু কেইখন নতুন মুখ ৷ অসম গণ পৰিষদৰ জালুকবাৰী বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সমষ্টিটোৰ ৪ শতাধিক কংগ্ৰেছকৰ্মীয়ে যোগদান কৰে অসম গণ পৰিষদত । এই বিশাল গণ সভাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণীকি ভূঞা শৰ্মা উপস্থিত থাকি কৰ্মী সভাৰ অন্তত অগপ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে ৷ জালুকবাৰী সমষ্টিৰ প্ৰতিগৰাকী অগপ কৰ্মীক বিজেপি কৰ্মীৰ লগত একত্ৰিত হৈ সমষ্টিৰ উন্নয়নৰ কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পত্নী গৰাকীয়ে ৷

লগতে পঢ়ক: নলবাৰীৰ এজেপিৰ সভাপতি লুৰিণজ্যোতিৰ বাহনত শিলাবৰ্ষণ

Last Updated : Feb 28, 2021, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.