ETV Bharat / state

2021 ত অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব: লুৰিণজ্যোতি গগৈ

author img

By

Published : Jan 9, 2021, 7:56 PM IST

ৰঙিয়াত অসম জাতীয় পৰিষদৰ বিশাল সভা ৷ সভাত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ দিছপুৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ ৷ 2021 ৰ অসম বিধানসভা নিৰ্বাচনত অসমত জাতীয়তাবাদৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য এজেপিৰ সভাপতি গৰাকীৰ ৷

2021 election  ৰঙিয়াত অসম জাতীয় পৰিষদৰ বিশাল সভা  2021 ত অসমত জাতীয়তাবাদৰ চৰকাৰ
2021 ত অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব

ৰঙিয়া, 9 জানুৱাৰী: দিছপুৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসন আৰু ন্যায়পালিকাক নিজৰ স্বাৰ্থ অনুযায়ী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে অসম জাতীয় পৰিষদ (এজেপি) ৰ সভাপতি তথা আছু (সদৌ অসম ছাত্ৰ সন্থা) ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰে যে 2021 ৰ অসম বিধানসভা নিৰ্বাচনত অসমত জাতীয়তাবাদৰ চৰকাৰ হোৱাটো একপ্ৰকাৰ নিশ্চিত ৷

2021 ত অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব: লুৰিণজ্যোতি গগৈ

ৰঙিয়াত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ বিশাল সমাৰোহত উপস্থিত হৈ সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে এই মন্তব্য কৰে ৷ শাসনাধিষ্ঠ চৰকাৰে অংক বুজি নাপায় আৰু সেয়েহে শাসনত অধিষ্ঠিত হোৱাৰ কথা ভাৱিছে বুলি তাচ্ছিল্যসূচক মন্তব্য কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে বিগত সময়ছোৱাত অসমক কিছুমান ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ ঠেলি দি বিজেপিয়ে ইতিমধ্যে 40 শতাংশ ভোট হেৰুৱাইছে আৰু কংগ্ৰেছৰো ভেটি প্ৰায় থৰক বৰক হৈছে গতিকে এইবাৰৰ নিৰ্বাচনত জাতীয়তাবাদৰেই জয় হ'ব ৷

শনিবাৰে ৰঙিয়াৰ ঈদগাহ ময়দানত আয়োজন হোৱা বিশাল সভাখনত প্ৰায় ডেৰ শতাধিক লোকে এজেপিত যোগদান কৰে ৷ লক্ষণীয় কথাটো হ'ল এইয়ে যে অগপৰ 22 টা আঞ্চলিকৰ কৰ্মকৰ্তাই দলটোৰ কাম-কাজত অসন্তুষ্ট হৈ এই সভাতেই এজেপিত যোগদান কৰে ৷

সভাত ভাষণ প্ৰদান কৰি লুৰিণজ‍্যোতিয়ে 21 ত অসমৰ ৰাইজৰ সপোনৰ চৰকাৰ হ'ব বুলি মন্তব্য আত্মবিশ্বাসেৰে কৰে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি গগৈয়ে কয় যে অসমৰ ৰাইজে দিল্লীৰ আজ্ঞাবাহী নেতৃত্বক আৰু ৰাজনৈতিক অধিকাৰ নিদিয়ে ৷ দিল্লীৰ চকুত চকু থৈ কথা কব নোৱাৰা অসমৰ একাংশ নেতৃত্বই এতিয়া জয় আই অসম বুলি কবলৈ ভয় কৰা হ'ল বুলিও কটাক্ষ কৰি তেওঁ কয় যে কোনো কাৰণতেই অসম জাতীয় পৰিষদে 'কা'(নাগৰিককত্ব সংশোধনী আইন) সমৰ্থন নকৰে আৰু কেতিয়াও এই আইন কাৰ্যত ৰূপায়িত হ'বলৈ নিদিয়ে ৷

শাসনৰ দায়িত্ব লাভ কৰিলে অসমৰ ৰাইজক অৰ্থনৈতিক ভাৱে স্বনিৰ্ভৰশীল কৰি তুলিবলৈ অংগীকাৰবদ্ধ বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় যে পৰিৱৰ্তনৰ নাম লৈ দিল্লীৰ আজ্ঞাবাহী চৰকাৰ খনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক কোঙা কৰিছে।

বিজেপি চৰকাৰে আক্ৰোশমূলকভাৱে অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি ভোগালী বিহুৰ পাছতে অসমৰ ৰাইজে এক সুখবৰ লাভ কৰিব বুলি মন্তব্য কৰাৰ লগতে আঞ্চলিক দলসমূহক একত্ৰিত হোৱাৰ বাবেও গগৈয়ে আহ্বান জনায় ৷

লগতে পঢ়ক: ৰাইজৰ সমৰ্থন দেখি মই অখিলৰ অভাৱ অনুভৱ কৰা নাই:প্ৰিয়দা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.