ETV Bharat / state

দুৰ্ঘটনাত পতিত AIUDFৰ উপ সভাপতি আৱাল মজিদ

author img

By

Published : Mar 28, 2021, 9:31 PM IST

দেওবাৰে বকোত AIUDF দলৰ উপ সভাপতি আৱাল মজিদৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ পিছফালৰ পৰা অহা যাত্ৰীবাহী বাছে খুন্দা মাৰে আৱাল মজিদৰ বাহনত ৷ আঘাতপ্ৰাপ্ত হয় উপ সভাপতি গৰাকী ৷ সম্প্ৰতি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন আৱাল মজিদ ৷

awal-masid-injured
আৱাল মজিদ দুৰ্ঘটনাত পতিত

বকো,28 মাৰ্চ : কামৰূপ (গ্ৰাম্য) জিলাৰ বকোত দেওবাৰে দুৰ্ঘটনাত পতিত হৈ আহত হয় AIUDF দলৰ উপ সভাপতি আৱাল মজিদ । 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো । গুৱাহাটীৰ পৰা গোৱালপাৰালৈ এখন AS-01-BB-5878 নম্বৰৰ বিলসী বাহনত গৈছিল উপ সভাপতি গৰাকী ৷

আৱাল মজিদ দুৰ্ঘটনাত পতিত

বকোত পিছফালৰ পৰা আহি থকা এখন AS-01-LC-6747 নম্বৰৰ গোৱালপাৰা অভিমুখী যাত্ৰীবাহী বাছে খুন্দা মাৰে আৱাল মজিদৰ বাহনত ৷ যাৰ ফলত মজিদৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বৈদ্যুতিক খুঁটাত খুন্দা মাৰে ।

দুৰ্ঘটনাৰ পাচতে ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ বাছখন কৰায়ত্ব কৰাৰ লগতে উপ-সভাপতি গৰাকীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । বৰ্তমানলৈ উপ সভাপতি আৱাল মজিদ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : পুনৰ বিজেপিৰ সাতজন সদস্যক বহিস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.