ETV Bharat / state

অসমৰ জনসাধাৰণে বিজেপিৰ কাম-কাজক লৈ অসন্তুষ্ট : জীতেন্দ্ৰ সিং - কংগ্ৰেছ

ৰঙিয়াত বৃহস্পতিবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং উপস্থিত হৈ অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ আৰু বিজেপি দল সন্দৰ্ভত মত প্ৰকাশ কৰে ৷ এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ওপৰত বিশ্বাস ৰাখি অসমৰ জনতাই ভোটদান কৰিব বুলি তেওঁ সদৰি কৰে ৷

Jitendra Singh is at Rangia
ৰঙিয়াত জীতেন্দ্ৰ সিং
author img

By

Published : Nov 5, 2020, 9:17 PM IST

ৰঙিয়া,5 নৱেম্বৰ : বৃহস্পতিবাৰে ৰঙিয়াত উপস্থিত হয় সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ৷ সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব‍্যক্ত কৰি জীতেন্দ্ৰ সিঙে কয় যে,সকলোৱে নিজৰ কৰ্ম অনুসৰি ফল লাভ কৰিব ।

আনহাতে বিজেপি দল সন্দৰ্ভত তেওঁ কয় যে, ‘‘বিজেপিয়ে ৰাইজৰ মাজত বিভেদ সৃষ্টি কৰি ৰাজনীতি কৰাৰ লগতে জনসাধাৰণৰ মাজত কাঁইটৰ বীজ ৰোপণ কৰিছে । অসমৰ ৰাইজে 2021ৰ নিৰ্বাচনত বিজেপিক বিদায় দিব। এয়া অকল কংগ্ৰেছৰ যুদ্ধই নহয়, এয়া অসমৰ প্ৰতিষ্ঠাৰ যুদ্ধ । অসমৰ সকলো জনসাধাৰণে বিজেপিৰ কাম-কাজক লৈ অসন্তুষ্ট’’ ।

ৰঙিয়াত জীতেন্দ্ৰ সিং

সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ওপৰত বিশ্বাস ৰাখি অসমৰ জনতাই ভোটদান কৰিব বুলি জীতেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

লগতে পঢ়ক : সুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.