দক্ষিণ কামৰূপ,17 জানুৱাৰীঃ ভোগালী বিহুৰ উৎসাহ-উদ্দ্বিপনাৰ মাজতেই অসমবাসী ৰাইজৰ বাবে এইবাৰ সুখৰ বতৰা কঢ়িয়াই আনিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড° নলীন কুমাৰ মোহনে । বৰঝাৰ বিমান বন্দৰৰ ভিআইপি চ'কৰ মিলন নগৰৰ নিজ বাসগৃহৰ প্ৰায় আঢ়ৈ বিঘা মাটিত অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানীজনে নিজৰ একক প্ৰচেষ্টাত একমাত্ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবেই মুকলি কৰিলে শৈক্ষিক জৈৱ-বৈচিত্ৰ্যৰ উপবন নামেৰে এখন উদ্যান শস্য ।
এই উদ্যান খন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মোক্ভাৱ হুছেইন হাজৰিকাই । উক্ত মুকলি অনুষ্ঠান কাৰ্যসূচীতেই স্থানীয় পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বন্তি প্ৰজ্জ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে । বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ প্ৰতি সহায়ক হোৱাকৈ ড° নলীন মোহনে ব্যক্তিগত ভাৱে এই উদ্যানত প্ৰায় শতাধিক প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণ ব্যৱস্থা কৰিছে । যাৰ ফলত যিকোনো সময়তেই ছাত্ৰ-ছাত্ৰীসকলে এই উদ্যানলৈ আহি জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ পৰিদৰ্শন কৰাৰ লগতে কৃষি বিজ্ঞানীজনৰ পৰা জৈৱ-বৈচিত্ৰৰ ওপৰত শিক্ষাগ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰিব ।
লগতে পঢ়কঃ বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বৈঠক