ETV Bharat / state

পলাশবাৰীত কংগ্ৰেছত ব্যাপক খহনীয়া - ব্যাপক খহনীয়াৰ সৃষ্টি

বৃহস্পতিবাৰে মিৰ্জাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কমলা কলিতাৰ উপস্থিতিত কংগ্ৰেছ সহিতে আন দলৰ ২ শতাধিক লোকে যোগদান কৰে অগপত।

পলাশবাৰীত কংগ্ৰেছত ব্যাপক খহনীয়া
পলাশবাৰীত কংগ্ৰেছত ব্যাপক খহনীয়া
author img

By

Published : Dec 17, 2020, 5:36 PM IST

দক্ষিণ কামৰূপ,17 ডিচেম্বৰঃ পলাশবাৰী কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি ৷ একালৰ আছু নেতা তথা এসময়ত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনী বৈতৰণী পাৰ কৰা নেতা গিৰিন্দ ঠাকুৰীয়া আৰু পলাশবাৰী সমষ্টি কংগ্ৰেছৰ ১১ খন পঞ্চায়তৰ সভাপতি সহিতে ২ শতাধিক লোকে বৃহস্পতিবাৰে অগপত যোগদান কৰে ।

পলাশবাৰীত কংগ্ৰেছত ব্যাপক খহনীয়া

উল্লেখযোগ্য যে,ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহত এটা দলৰ পৰা আন এটা দলত যোগদান কৰা ঢৌ ওঠা দেখিবলৈ পোৱা গৈছে ৷ তাৰ সমান্তৰালভাবে বৃহস্পতিবাৰে মিৰ্জাস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কমলা কলিতাৰ উপস্থিতিত কংগ্ৰেছ সহিতে আন দলৰ ২ শতাধিক লোকে যোগদান কৰে অগপত।
আনহাতে সমাগত বিধানসভা নিৰ্বাচনলৈ কিছুমাহ বাকী থকা সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা পালিনেতাই দল ত্যাগ কৰা ঘটনাক কংগ্ৰেছ দলটিয়ে কিদৰে গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব।

লগতে পঢ়কঃ শাসকৰ শোষণ বঞ্চনাই বজাইছে সাধাৰণ লোকৰ মৃত্যুৰ ঘন্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.