ৰঙিয়া,20 মাৰ্চ: পুনৰ কা বিৰোধী প্ৰতিবাদত উত্তাল হৈছে অসম ৷ শনিবাৰে ৰাজ্যৰ কেইবা স্থানতো কা বিৰোধী প্ৰতিবাদত নামি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ সদস্যসকল ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ ৰাজপথতো আছুৱে বৃহৎ বাইক ৰেলী উলিয়াই কা-ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ উল্লেখ্য যে, এই ৰেলীত কেইবা শতাধিক আছু কৰ্মীয়ে অংশ গ্ৰহণ কৰি সমগ্ৰ ৰঙিয়া পৰিভ্ৰমণ কৰে । আছু কৰ্মীসকলে বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজক কা ৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায় । যদিহে অতি শীঘ্ৰে কা বাতিল নকৰে, তেন্তে আছুৱে সমগ্ৰ অসমতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ চাবুৱা ভ্ৰমণৰ প্ৰাকমূৰ্হুতত আছুৰ প্ৰতিবাদ