ETV Bharat / state

মিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ

author img

By

Published : Nov 12, 2020, 9:10 AM IST

চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদত জৰ্জৰিত হৈছে অসমৰ সীমান্ত অঞ্চল ৷ মিজোৰামৰ পাচত এইবাৰ লাম্পীত মেঘালয়ৰ অগ্ৰাসন ৷ সীমান্তত বাস কৰা অসমৰ লোকক বিনামূলীয়া বিদ্যুৎ সংযোগ দি সেই অঞ্চলসমূহ মেঘালয়ৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা ৰাজ্যখনৰ এটা চৰকাৰী বিভাগৰ ৷

meghalay's aggregation
meghalay's aggregation

বকো, ১2 নৱেম্বৰ : বৰাক উপত্যকাৰ অসম-মিজোৰাম সীমান্তত সীমা বিবাদৰ উত্তেজনা শাম নাকাটোতেই এইবাৰ সীমাক লৈ বিবাদ আৰম্ভ হৈছে অসম-মেঘালয় সীমান্তত ৷ মিজোৰাম, নাগালেণ্ড অথবা অৰুণাচলৰ দৰে এই বিবাদো অৱশ্যে দীৰ্ঘ দিনীয়া ৷ বহু সময়ত অসম-মেঘালয় সীমান্তত চলি থাকে সীমাক লৈ অৰিয়াঅৰি ৷ অসমৰ ভূমিত নিৰ্মাণ কৰা কেতবোৰ আন্তঃগাঁঠনি বহুবাৰ ধ্বংস কৰিছে অসমৰ প্ৰশাসনে ৷ কিন্তু তাৰ পাচতো চলিয়েই আছে আগ্ৰাসন ৷

meghalay's aggregation
লাম্পীত মেঘালয়ৰ আগ্ৰাসন

প্ৰায় প্ৰতিটো মাহতেই অসম-মেঘালয় সীমান্তৰ লাম্পীত উপস্থিত হ’বলগীয়া হয় অসমৰ কামৰূপ জিলাৰ আৰক্ষী আৰু প্ৰশাসনৰ বৰমূৰীয়াসকল । ইয়াৰ একমাত্ৰ কাৰণ হৈছে আন্তঃৰাজ্যিক সীমা সমস্যা । লাম্পী তথা দাঁতিকাষৰীয়া অঞ্চল সমূহত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোলুপ দৃষ্টিৰ বাবেই বহু বছৰ ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে লাম্পী । কিন্তু পৰিতাপৰ বিষয় যে অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবেই মেঘালয়ে সদায় আগ্ৰাসন অব্যাহত ৰখাৰ অভিযোগ উঠিছে । ইয়াৰোপৰি অসমৰ ভূ-খণ্ডত অসম চৰকাৰে চৰকাৰী কাৰ্যালয় স্থাপনতো বাধা প্ৰদান কৰিছে মেঘালয় চৰকাৰে । তাৰ পাছতো গা লৰা নাই অসম চৰকাৰৰ ।

মিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ

এইবাৰ মেঘালয়ৰ জনতা নহয়, মেঘালয়ৰ এটা বিভাগ নামি পৰিছে অগ্ৰাসনৰ বাবে । মেঘালয় বিদ্যুৎ বিতৰণ নিগম লিমিটেডে অসমৰ বকো সমষ্টিৰ অন্তৰ্গত লাম্পীৰ নিকটৱৰ্তী দ্ৰোণপাৰালৈ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সৰবৰাহী লাইন স্থাপন কৰিছে । বকোৰ পৰা মাত্ৰ ২৪ কিলোমিটাৰ নিলগত দ্ৰোণপাৰাত মেঘালয় চৰকাৰে প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ জৰিয়তে দ্ৰোণপাৰাত থকা প্ৰতি ঘৰতে বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়াৰ বাবে যোজা চলাইছিল । কিন্তু এই বিষয়টো পোহৰলৈ আহে অসম বিদ্যুৎ বিতৰণ নিগম লিমিটেড বকো শাখাৰ বাবে । কিয়নো দ্ৰোণপাৰাত অসমৰ ফালৰ পৰা ইতিমধ্যে প্ৰত্যেক ঘৰতে বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়া আৰম্ভ কৰিছিল ।

meghalay's aggregation
অসমৰ ভূমিত মেঘালয়ে স্থাপন কৰা বিদ্যুৎ পৰিবাহী তাঁৰ

মেঘালয়ৰ এই অভিসন্ধি গম পাই লাম্পীৰ গাঁওবুঢ়া কৃষ্ণ শৰ্মা আৰু বিদ্যুৎ বিভাগে কামৰূপ জিলা প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰে । ইয়াৰ পাচতে, বুধবাৰে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ বৰুৱা, বকো ৰাজহ চক্ৰ বিষয়া সুৰজিৎ কলিতাকে ধৰি এটা আৰক্ষী, জিলা প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ দল এটা সেই স্থানত উপস্থিত হয় । আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অতিৰিক্ত উপায়ুক্ত পি ডি চাংমা, মেঘালয় বিদ্যুৎ বিতৰণ নিগম লিমিটেডৰ কাৰ্যবাহী অভিযন্তা পি কে চুলেট আৰু কে. ৰাচৱাইও দ্ৰোণপাৰাত উপস্থিত হয় ।

meghalay's aggregation
আলোচনাৰত অৱস্থা অসম আৰু মেঘালয়ৰ চৰকাৰী বিষয়া

ইয়াৰ পাচতে দুই ৰাজ্যৰ জিলা প্ৰশাসনৰ বিষয়া সকলে অঞ্চলতো ভ্ৰমণ কৰে । অসমৰ জিলা প্ৰশাসনৰ ফালৰ পৰা মেঘালয়ৰ জিলা প্ৰশাসনক এই কামটো বন্ধ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত অসমৰ কামৰূপ আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্তৰ আলোচনাৰ পাচতহে আগবাঢ়িব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.