ETV Bharat / state

ইটিভিৰ বাতৰি প্ৰভাৱ : পিংগলেশ্বৰ দেৱালয়ৰ জীৱ-জন্তুক খাদ্য সামগ্ৰী বিতৰণ ভক্তৰ - ইটিভি ভাৰত অসম

ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ প্ৰভাৱ ৷ মন্দিৰৰ জীৱকূলক খাদ্য আগবঢ়াবলৈ ওলাই আহিল একাংশ লোক ৷ ৰাজ্যত জাৰি কৰা আংশিক ল'ক ডাউনে অন্যান্য ক্ষেত্ৰ লগতে দেৱালয় সমূহৰ পুখুৰীত থকা মাছ-কাছকে ধৰি দেৱালয়ত থকা হাঁহ-পাৰ, গৰু-ছাগলী আদিৰ বাবে এক খাদ্য সংকট নমাই আনিছিল ৷ এই সমগ্ৰ বিষয়টো সৰ্বিস্তাৰে প্ৰতিবেদন প্ৰস্তুত কৰি ইটিভি ভাৰত অসমত প্ৰকাশ কৰা পাচতে এক ধনাত্মাক সঁহাৰি দেখা গৈছে ৷ ইতিমধ্যে পিংগলেশ্বৰ দেৱালয়ৰ মাছ, কাছ, হাঁহ আদিক খাদ্য যোগান ধৰাৰ আগবাঢ়ি আহিছে বহু ভক্ত তথা শুভকাংক্ষী ৷

baihata-pingaleswar-dewalaya-news-impact
দেৱালয়ৰ জীৱ-জন্তুক খাদ্য সামগ্ৰী আগবঢ়ালে ভক্ত তথা শুভকাংশীয়ে
author img

By

Published : Jun 10, 2021, 5:23 PM IST

বাইহাটা, 10 জুন : ৰাজ্যত জাৰি কৰা আংশিক ল'ক ডাউনে অন্যান্য ক্ষেত্ৰ লগতে এক সংকটত কঢ়িয়াই আনিছিল দেৱালয় সমূহলৈ ৷ বিশেষকৈ দেৱালয় সমূহৰ পুখুৰীত থকা মাছ-কাছকে ধৰি দেৱালয়ত থকা হাঁহ-পাৰ, গৰু-ছাগলী আদিৰ বাবে এক খাদ্য সংকটে দেখা দিছিল ৷

একেদৰে বাইহাটা চাৰিআলিৰ ৭০০ বছৰ পুৰণি পিংগলেশ্বৰ দেৱালয়ৰ জীৱ-জন্তু তথা দেৱালয়ৰ পুখুৰীত থকা মাছ-কাছ আদিয়েও এক খাদ্য সংকটত ভোগা দেখা গৈছিল ৷ কিয়নো দেৱালয় দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীৰ পৰা বহু পৰিমাণে খাদ্য লাভ কৰিছিল এই জীৱ-জন্তু সমূহে ৷ কিন্তু আংশিক লক ডাউনৰ পাচতে দেৱালয় বন্ধ হৈ পৰাত খাদ্য দেখা দিছিল এই সমূহ জীৱৰ ক্ষেত্ৰত ৷

দেৱালয়ৰ জীৱ-জন্তুক খাদ্য সামগ্ৰী আগবঢ়ালে ভক্ত তথা শুভকাংশীয়ে

এই সমগ্ৰ বিষয়টো সৰ্বিস্তাৰে প্ৰতিবেদন প্ৰস্তুত কৰি ইটিভি ভাৰত অসমত প্ৰকাশ কৰা হৈছিল ৷ ইয়াৰ পাচতে এক ধনাত্মাক সঁহাৰি দেখা গৈছে ৷ ইতিমধ্যে পিংগলেশ্বৰ দেৱালয়ৰ মাছ, কাছ, হাঁহ আদিক খাদ্য যোগান ধৰাৰ আগবাঢ়ি আহিছে বহু ভক্ত তথা শুভকাংশী ৷ নিতৌ জন্তু সমূহক খাদ্য যোগান ধৰাৰ লগতে দেৱালয়ৰ অক্ষয় বন্তিৰ বাবে প্ৰয়োজনীয় তেল ৰাইজে আগবঢ়োৱা দেখা গৈছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.