ৰঙিয়া,২১ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ৰঙিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক আদিত্য শৰ্মাৰ । হিতাধিকাৰীসকলক আঁচনি দিয়াৰ প্ৰলোভন দি বিজেপিয়ে ভোট লাভ কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে । ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সাংগঠনিক সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক গৰাকীয়ে বিভিন্ন ধৰণে সমালোচনা কৰে বিজেপি চৰকাৰক । তেওঁৰ মতে সকলো ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ বেছি মিছা প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে । লগতে তেওঁ কয় যে বিধানসভা নিৰ্বাচনত ১০১তকৈ বেছি আসন লাভ কৰিব বুলি বিজেপিয়ে মিছা সপোন দেখিছে ।
আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছৰ যিয়ে প্ৰাৰ্থী নহওক কিয় জয়ী হোৱাৰ ক্ষেত্ৰত প্ৰভাৱ নপৰে বুলি মন্তব্য কৰে তেওঁ । তেওঁৰ মতে অসমৰ আঞ্চলিক দলৰ বিৰোধিতা নকৰে কংগ্ৰেছে । কিয়নো অসমৰ স্বাৰ্থতে কাম কৰিব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ।
লগতে পঢ়ক:কুইপ'ৰ দুই অভিযন্তাক মুকলি কৰিবলৈ আহ্বান ৰিপুন বৰাৰ