ৰঙিয়া, 21 জুন: অসম বৰ্তমান বলীয়া বানৰ কৱলত ৷ ৰাজ্যখনৰ 35 খন জিলাৰ ভিতৰত 32 খনেই বুৰ গৈছে বানত (32 districts of Assam facing flood) ৷ বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে 73 জনকৈ লোকে (Assam flood death number) ৷
সামৰ্থ্যবান সকলৰ যিয়ে যেনেকৈ পাৰে সহায় আগবঢ়াইছে বানৰ বাবে আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাসকলক ৷ অভিনেত্ৰী বৰষাৰাণী বিষয়াও পিছ পৰি নাথাকিল এইক্ষেত্ৰত ৷ ৰঙিয়াৰ 10 নং ৱাৰ্ডত উপস্থিত হ’লগৈ স্বামী ভাস্কৰ বৰুৱাৰ সৈতে ৷
তিনিটাকৈ স্বেচ্ছাসেৱী সংগঠনে একত্ৰিত হৈ এই পদক্ষেপ হাতত লয় ৷ বৰষাৰাণী বিষয়াও ইয়াৰে এটা সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ৷ সেইমৰ্মে অভিনেত্ৰী গৰাকীও বাকী দুটা সংগঠনৰ সহযোগত ৰঙিয়াৰ বন্যাৰ্তৰ ওচৰত থিয় দিয়ে ৷
সকলোৱে মিলি বানাক্ৰান্ত সকলক আগবঢ়ালে কিছু সাহাৰ্য সামগ্ৰী ৷ সাহাৰ্যৰ টোপোলাত চাউল , দাইলকে ধৰি কিছু খাদ্য সামগ্ৰী , বিশুদ্ধ খোৱা পানী আৰু মহিলা সকলৰ বাবে ছেনিটাৰী নেপকিনৰ যোগান ধৰা হয় ৷ ৰঙিয়াৰ কেইবাটাও ৱাৰ্ডত উপস্থিত হৈ দলটোৱে ৰাইজৰ খবৰ লোৱাৰ লগতে সকলোকে বিপদৰ সময়ত ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ: বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে বিধায়ক ড৹ অমিয় ভূঞা