ETV Bharat / state

ৰঙিয়াত জৰাজীৰ্ণ দলঙত অঘটন - দলং

কামৰূপ জিলাৰ ৰঙিয়াত স্পষ্ট ৰূপত উন্নয়নৰ ছবি । ৰঙিয়াৰ কলমণী-বৰকুকুৰীয়াত জৰাজীৰ্ণ দলঙেৰে তাহানিৰ পৰাই যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে ৰাইজে । দলংখনৰ অৱস্থা আজি পৰ্যন্ত উন্নয়ন নোহোৱাত মৰণক শৰণ কৰি যাতায়ত কৰিবলগীয়া হৈছে ।

ৰঙিয়াত জৰাজীৰ্ণ দলঙৰ পৰা পৰি আহত বাইক আৰোহী

author img

By

Published : Mar 5, 2021, 5:02 PM IST

ৰঙিয়া, ৫ মাৰ্চ: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে ৰাস্তা-ঘাটৰ লগতে দলংসমূহৰ অৱস্থা । এনেকৈয়ে কামৰূপ জিলাৰ ৰঙিয়াৰ কলমণী-বৰকুকুৰীয়াত জৰাজীৰ্ণ দলঙৰ পৰা পৰি গুৰুত্বৰভাৱে আহত হয় এগৰাকী লোক । উক্ত জৰাজীৰ্ণ দলংখনেৰে যাতায়ত কৰোতে দুৰ্ঘটনাত পতিত হৈ আহত হয় এগৰাকী বাইক আৰোহী । ততাতৈয়াকৈ আহত বাইক আৰোহীজনক ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পাতলত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ৰঙিয়াত জৰাজীৰ্ণ দলঙত অঘটন

গড়কাপ্তানী বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে আহত বাইক আৰোহীগৰাকীয়ে । উল্লেখযোগ‍্য যে, কেবাবছৰ পূৰ্বে দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে, পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল পকী দলঙখনৰ কাম । প্ৰতিবাৰেই বিভিন্ন অজুহাতৰ বাবে অসম্পূৰ্ণ হৈ ৰয় দলংখনৰ কাম । যাৰবাবে প্ৰতিদিনে সহস্ৰাধিক ৰাইজে মৰণক শৰণ কৰি কাঠৰ জৰাজীৰ্ণ দলংখনেৰে এইদৰে যাতায়ত কৰিবলগীয়া হৈছে ।

এই বিষয় সন্দৰ্ভত স্থানীয় বিধায়ক ভবেশ কলিতাৰ স্থিতিকলৈও অসন্তুষ্ট স্থানীয় ৰাইজ । যি সময়ত বিজেপি চৰকাৰখনে ৰাজ্যখনত বাট-পথ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে, তেনে সময়ত এই জৰাজীৰ্ণ দলংখনৰ অৱস্থা আজি পৰ্যন্ত একেই থাকিল । নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষলৈ ভোট বিচাৰি আহি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও, নিৰ্বাচিত হোৱাৰ পাচত সমষ্টিৰ ৰাইজক পাহৰি যায় এইসকল নেতাই ।

লগতে পঢ়ক:মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.