কামৰূপ, 15 ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটীৰ আমিনগাঁৱস্থিত জয়গুৰুত শনিবাৰে পুৱতি নিশা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলাসহ দুজন যুৱক । জানিব পৰা মতে, গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী AS-01-BN-1574 নম্বৰৰ এখন চুইফট ডিজায়াৰ বাহনখনে কালভাৰ্টত খুণ্ডিয়াই পথৰ কাষৰ পিটনিত সোমাই পৰে ৷ পোহৰ হোৱালৈ পিটনিটে আৱদ্ধ হৈ থাকে ডিজায়াৰখন ৷ ফলত দুৰ্ঘটনাটোত নিহত হয় বাহনখনৰ চালক নলবাৰীৰ পাইকাৰকুছিৰ তপন শৰ্মা (২৮),আৰোহীদ্বয় ৰঙিয়াৰ ৰাজিৱ শৰ্মা (২৫) আৰু তেওঁৰ পত্নী গুৱাহাটী কাহিলিপাৰাস্থিত লোকবন্ধু নগৰৰ ধনষ্মিতা শৰ্মা (২৩) ।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা বাইহাটা অভিমুখে আহি আছিল বাহনখন । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ তিনিটা উদ্ধাৰ কৰাৰ লগতে অনুসন্ধান আৰম্ভ কৰিছে । চুইফট ডিজায়াৰখনৰ গৰাকী দিছপুৰৰ গোবিন্দ বৈশ্য বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃবোধানৰ নিজামাবাদত বিয়াৰ দিনাই মৃত্যুক সাৱতিবলগীয়া হয় এজন দৰাই