ৰঙিয়া, 5 আগষ্ট : জম্মু-কাশ্মীৰৰ আৰু লাডাখৰ দৰে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে আহ্বান জনায় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । জম্মু-কাশ্মীৰক লৈ সদন উত্তাল হৈ থকাৰ সময়তে মুখ খুলিছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ জম্মু-কাশ্মীৰ সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰু লাডাখকলৈ কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ বাবে যি তৎপৰতা দেখুৱাইছে সেই গতিয়ে জম্মু-কাশ্মীৰৰ খিলঞ্জীয়াসকলৰ ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে এবছুৰ সভাপতি গৰাকীয়ে । লগতে একেই তৎপৰতাৰে পৃথক বড়ো ৰাজ্য গঠন কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় । এবছুৰ সভাপতি প্ৰমোদ বড়োৱে আজি কয় যে, বড়োসকলে পৃথক ৰাজ্যৰ বাবে দীৰ্ঘদিন ধৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে । সেয়ে সদনত বড়ো ৰাজ্য গঠনৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে ৷
পৃথক বড়ো ৰাজ্য গঠনৰ বাবে আহ্বান এবছুৰ - সভাপতি
কেন্দ্ৰীয় চৰকাৰক জম্মু-কাশ্মীৰৰ আৰু লাডাখৰ দৰে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে আহ্বান জনায় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে
ৰঙিয়া, 5 আগষ্ট : জম্মু-কাশ্মীৰৰ আৰু লাডাখৰ দৰে পৃথক বড়ো ৰাজ্য গঠনৰ বাবে আহ্বান জনায় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । জম্মু-কাশ্মীৰক লৈ সদন উত্তাল হৈ থকাৰ সময়তে মুখ খুলিছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ জম্মু-কাশ্মীৰ সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰু লাডাখকলৈ কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ বাবে যি তৎপৰতা দেখুৱাইছে সেই গতিয়ে জম্মু-কাশ্মীৰৰ খিলঞ্জীয়াসকলৰ ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত যাতে বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে এবছুৰ সভাপতি গৰাকীয়ে । লগতে একেই তৎপৰতাৰে পৃথক বড়ো ৰাজ্য গঠন কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় । এবছুৰ সভাপতি প্ৰমোদ বড়োৱে আজি কয় যে, বড়োসকলে পৃথক ৰাজ্যৰ বাবে দীৰ্ঘদিন ধৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে । সেয়ে সদনত বড়ো ৰাজ্য গঠনৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে ৷
Byte : এবছু সভাপতি , প্ৰমোদ বড়ো ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা