গুৱাহাটী ,28 এপ্ৰিল : অভি নীলৰ স্মৃতিত গঠন হ'ব মেমৰিয়েল ট্ৰাষ্ট ৷ এই ট্ৰাষ্টৰ লক্ষ্য এখন পশু চিকিৎসালয়, আৰ্ট আৰু মিউজিকৰ ওপৰত কাম কৰা ৷
অভি নীলক হয়তো এতিয়াও পাহৰি যোৱা নাই ৰাজ্যবাসীয়ে । অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ একতাত ক’লা অধ্যায় হিচাপে থাকি যাব অভি-নীলৰ হত্যাৰ ঘটনা ৷ কাৰ্বিআংলংত 2018 বৰ্ষৰ জুনৰ 8 তাৰিখে গণ প্ৰহাৰত নিহত হৈছিল দুই যুৱক অভি আৰু নীল । ঘটনাটোৰ এটা বছৰ সম্পূ্ৰ্ণ হ'বলৈ প্ৰায় এমাহ বাকী থকা অৱস্থাতো এতিয়ালৈ ঘটনাটোত জড়িত থকা আটাইকেইজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী ৷ মুঠ 48 জন অভিযুক্তৰ এতিয়ালৈ চিনাক্ত হৈছে 19 জন ৷ নীলৰ পিতৃ গোপাল চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে 5 জন প্ৰত্যক্ষদৰ্শীয়ে সাক্ষ্য প্ৰদান কৰাৰ ভিত্তিত এই 19 জনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। অভি নীলৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সাক্ষ্য দানৰ পৰ্যায়ত আছে । মুঠ 48 গৰাকী হত্যাকাৰীৰ 19 জনক হে 15 জন সাক্ষীৰ পৰা সাক্ষ্য লৈ কৰায়ত্ত কৰিছে আৰক্ষীয়ে ।
আনহাতে পুত্ৰৰ স্মৃতিত অভি নীল মেমৰিয়েল ট্ৰাষ্ট গঠনৰ কাম হাতত লৈছে পৰিয়ালবৰ্গই । এখন পশু চিকিৎসালয় নিৰ্মাণ আৰু আৰ্ট আৰু মিউজিকৰ ওপৰত কাম কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছে এই মেমৰিয়েল ট্ৰাষ্ট ।