ETV Bharat / state

ৰঙিয়াৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত আছুৰ ছেনিটাইজেচন প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Jun 11, 2020, 4:35 PM IST

ছাত্র-ছাত্ৰী আৰু অভিভাৱকৰ সমাগমৰ পূৰ্বে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ছেনিটাইজ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে

Rangia collage
ৰঙিয়াৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত ছেনিটাইজ কৰা প্ৰক্ৰিয়া আৰম্ভ আছুৰ

ৰঙিয়া, 11 জুন : 25 জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল । আনহাতে 15 আগষ্টৰ পিছত বিদ্যালয়ৰ লগতে মহাবিদ্যালয়সমূহত পাঠদান আৰম্ভ হ'ব বুলিও আশা প্ৰকাশ কৰিছে চৰকাৰৰ শিক্ষা বিভাগে। সেয়ে ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সদস্যসকলে ৰঙিয়াৰ সমূহ চৰকাৰীৰ লগতে বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ছেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ৰঙিয়াৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত আছুৰ ছেনিটাইজেচন প্ৰক্ৰিয়া আৰম্ভ

লগতে পঢ়কঃ কোভিড-১৯: ধেমাজিৰ জোনাইত পুনৰ আক্ৰান্ত ৫ যুৱক

শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ লগতে কিতাপ দিয়াৰ প্ৰক্ৰিয়াৰ বাবে কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ আগমণৰ পূৰ্বেই ছাত্ৰ সন্থাই ছেনিটাইজ কৰা কাৰ্যক আদৰণি জনাইছে সচেতন মহলে । উল্লেখযোগ্য যে ৰঙিয়াৰ বহুকেইখন বিদ্যালয়ত ইতিমধ্যে কিতাপ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। লগতে জুনিয়ৰ কলেজসমূহত কাৰ্যালয়ৰ কাম-কাজ চলি থকাৰ মাজতে নতুনকৈ নামভৰ্ত্তিৰ বাবে প্ৰ-পত্ৰ প্ৰদান কৰি থকা হৈছে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.