ETV Bharat / sports

শচীন তেণ্ডুলকাৰক অতিক্ৰমী 27000 ৰাণ সম্পূৰ্ণ বিৰাট কোহলীৰ - 27000 RUNS IN INTERNATIONAL CRICKET

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Virat Kohli Test Records: ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পিছতে আন এগৰাকী ক্ৰিকেটাৰৰ অভিলেখ স্থাপন ৷ কানপুৰ টেষ্টত 27000 ৰাণ সম্পূৰ্ণ কৰে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে ৷

27000 RUNS IN INTERNATIONAL CRICKET
বিৰাট কোহলী আৰু শচীন টেণ্ডুলকাৰ (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: ঐতিহাসিক গ্ৰীণপাৰ্ক ষ্টেডিয়ামত ভাৰত-বাংলাদেশৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টৰ সোমবাৰে চতুৰ্থটো দিন ৷ বৰষুণে বিধি-পথালি দিলেও এই খেলপথাৰ সাক্ষী হৈ ৰ’ল বহু অভিলেখৰ ৷

কানপুৰ টেষ্টৰ চতুৰ্থদিনা ইতিহাস ৰচনা কৰিলে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে । বাংলাদেশৰ বিৰুদ্ধে এই মেচখনত কোহলীয়ে 35 ৰাণ সম্পূৰ্ণ কৰাৰ লগে ভংগ কৰে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 27000 ৰাণ সম্পূৰ্ণ দ্বিতীয়গৰাকী ভাৰতীয়

কানপুৰ টেষ্টত প্ৰথম ইনিংছত বিৰাট কোহলীয়ে সংগ্ৰহ কৰিছিল 47 ৰাণ ৷ এই ইনিংছৰ সময়ত 35 ৰাণ সংগ্ৰহ কৰাৰ পিছতে বিৰাটে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰে 27 হাজাৰ ৰাণ ৷

প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ সৈতে এই তালিকাত নাম লিপিবদ্ধ কৰা বিৰাট কোহলী হৈছে দ্বিতীয়গৰাকী ভাৰতীয় বেটছমেন ৷ তদুপৰি এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থগৰাকী বেটছমেন ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ

  1. শচীন তেণ্ডুলকাৰ - 34,357 ৰাণ
  2. কুমাৰ ছাংগাকাৰা - 28,016 ৰাণ
  3. ৰিকী পণ্টিং - 27,483 ৰাণ
  4. বিৰাট কোহলী - 27,000* ৰাণ

বিৰাটে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ

ভাৰতৰ সোঁহতীয়া বেটছমেন বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত 27000 আন্তঃৰাষ্ট্ৰীয় ৰাণ সম্পূৰ্ণ কৰি মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । 594 সংখ্যক ইনিংছত এই কৃতিত্ব অৰ্জন কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈত পৰিগণিত হয় বিৰাট । শচীন তেণ্ডুলকাৰে 623 ইনিংছ খেলি এই কৃতিত্ব অৰ্জন কৰিছিল ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 27 হাজাৰ ৰাণ সম্পূৰ্ণ কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈ

বিৰাট কোহলী - 594* ইনিংছ

শচীন তেণ্ডুলকাৰ - 623 ইনিংছ

অৰ্ধশতক অৰ্জনৰ পৰা বঞ্চিত

চেন্নাই টেষ্টত ব্যৰ্থ ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে কানপুৰ টেষ্টত বেটেৰে উজ্বলি উঠা পৰিলক্ষিত হৈছে ৷ কিন্তু আক্ৰমণাত্মক এটি শ্বট খেলিবলৈ গৈ ক্ৰিকেটাৰগৰাকী শ্বাকিব আল হাছানৰ বলত উইকেট হেৰুৱায় ৷

বিৰাটে 35 টা বলত 47 ৰাণ সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জনৰ পৰা বঞ্চিত হয় ৷ ক্ৰিকেটাৰগৰাকীয়ে 4 টা চাৰি আৰু এটা ছয়ৰে সজাইছিল এই ইনিংছ ৷

লগতে পঢ়ক: অৱশেষত অপেক্ষাৰ পৰিল অন্ত; ৰবীন্দ্ৰ জাদেজাই কৰি দেখুৱালে এই কাম - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.