ETV Bharat / state

কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা আইন- ১৯৭২ৰ জনক, পখিলা সংৰক্ষণ সন্মিলনত অংশগ্ৰহণ - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Butterfly Conservation Summit in Kaziranga : কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ জনক এম কে ৰঞ্জিৎ সিং ৷ মৌলিক কৰ্তব্য পালন কৰিলেই নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত হ’ব বুলি মন্তব্য ৷ পখিলা সংৰক্ষণ সন্মিলনত অংশগ্ৰহণ ৷

Dr M K Ranjitsinh
কাজিৰঙাত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ জনক এম কে ৰঞ্জিৎ সিং (ETV Bharat Assam)

কাজিৰঙা, ৩০ ছেপ্টেম্বৰ : বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ভাৰতৰ প্ৰথম বৃহৎ আইন বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ জনক এম কে ৰঞ্জিৎ সিং সোমবাৰে কাজিৰঙাত উপস্থিত হয় ৷ কাজিৰঙা বনবিভাগে অনুষ্ঠিত কৰা তিনিদিনীয়া পখিলা সংৰক্ষণ সন্মিলন-২০২৪ৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এম কে ৰঞ্জিৎ সিং ৷

ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৬১ বেট্‌চৰ কেডাৰ এম কে ৰঞ্জিৎ সিঙে কয় যে ভাৰতীয় সংবিধানত যিদৰে মৌলিক অধিকাৰৰ প্ৰসংগ উল্লেখ আছে, সমান্তৰালভাৱে উল্লেখ আছে মৌলিক কৰ্তব্যৰ বিষয়ে ৷ নাগৰিকে মৌলিক অধিকাৰ বিচাৰে, কিন্তু মৌলিক কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত পিছপৰি ৰয় ৷ তেখেতে কয় যে নাগৰিকে কৰ্তব্যখিনি পালন কৰিলে, অধিকাৰখিনি নিজে নিজেই লাভ কৰিব ৷

কাজিৰঙাত পখিলা সংৰক্ষণ সন্মিলন-২০২৪ (ETV Bharat Assam)

প্ৰত্যেকগৰাকী নাগৰিককে বনজ সম্পদ সুৰক্ষাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় এম কে ৰঞ্জিৎ সিঙে৷ এম কে ৰঞ্জিৎ সিং ভাৰতৰ আগশাৰীৰ বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এমেৰিটাছ সদস্যও ৷ লক্ষ্যণীয় কথাটো হ’ল, কাজিৰঙাত পোৱা দুষ্প্ৰাপ্য দলহৰিণৰো নাম দিছিল এম কে ৰঞ্জিৎ সিঙে ৷

ইপিনে, যোৱা ২৭ ছেপ্টেম্বৰৰ পৰা কাজিৰঙাৰ চলি থকা পখিলা সংৰক্ষণ সন্মিলন-২০২৪ত বিভিন্ন স্থানৰ ত্ৰিশগৰাকী শিক্ষাৰ্থী উপস্থিত থাকে ৷ অন্তিমটো দিনত কাজিৰঙাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠান শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষ, পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছ, কাজিৰঙাৰ শৃংখলাবদ্ধ পৰ্যটনৰ জনক মঞ্জু বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক : ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা

বনবিভাগৰ কেন্দ্ৰীয় অনুষ্ঠানতেই উপস্থিত নাথাকিল বনমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.