ETV Bharat / state

পথ মেৰামতিৰ দাবীত প্ৰতিবাদ ৰঙিয়া ছাত্ৰ সন্থা - ভৱেশ কলিতা

ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ । জৰাজীৰ্ণ ৰূপ লোৱা ৰঙিয়া চহৰৰ মূল পথ পুনৰ নিৰ্মাণৰ দাবীত শনিবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলে সংগঠনটোৰ কৰ্মকৰ্তাসকলে । শীঘ্ৰে পথ নিৰ্মাণ নকৰিলে জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে আছুৰ সদস্যসকলে ।

AASU protest in Rangia
পথ মেৰামতিৰ দাবীত প্ৰতিবাদ ৰঙিয়া ছাত্ৰ সন্থা
author img

By

Published : Aug 28, 2021, 5:37 PM IST

ৰঙিয়া, ২৮ আগষ্ট: ৰঙিয়া চহৰৰ মূল পথ এন টি ৰোডৰ বিধ্বস্ত ৰূপে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ । পথটোৰ মাজত আছে প্ৰকাণ্ড গাঁত । এজাক বৰষুণতে পথৰো পানীত বুৰ যায় । যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হৈছে ৰঙিয়াৰ ৰাইজে । সেয়ে, পথটো পুনৰ নিৰ্মাণৰ দাবীত শনিবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে ।

ৰঙিয়াৰ অন‍্যতম গুৰুত্বপূৰ্ণ পথ এই এন টি ৰোড শীঘ্ৰে মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ দাবী জনায় সংগঠটোৰ কৰ্মকৰ্তাসকলে । বিগত কেইবাবছৰো ধৰি পথটো বিধ্বস্ত অৱস্থাতে আছে । নিতৌ এই পথটোৰে সহস্ৰাধিক লোকে বাহন লৈ অহা-যোৱা কৰাটো একপ্ৰকাৰ প্ৰত‍্যাহ্বান স্বৰূপ হৈ পৰিছে । ৰঙিয়া ৰে'ল জংচনক ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ কাষতে আছে ৰঙিয়াৰ চেছন ক'ৰ্ট আৰু কেইবাটাও চৰকাৰী কাৰ্যালয় ।

পথ মেৰামতিৰ দাবীত প্ৰতিবাদ ৰঙিয়া ছাত্ৰ সন্থা

কিন্তু পথচোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজে মৰণত শৰণ দি যাতায়াত কৰিবলৈ বাধ্য হৈছে ।

সেয়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে ৰাজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । স্থানীয় ৰাইজ আৰু দল সংগঠনে পথটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ পাছতো বিধায়ক ভৱেশ কলিতাই গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে আছুৰ সদস্যসকলে । বিধায়কগৰাকীয়ে সমষ্টিত উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে যদিও চহৰৰ মূল পথটো আজি পৰ্যন্ত মেৰামতি নকৰা বাবে সংগঠনটোৰ নেতৃত্বই বিধায়কগৰাকীক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক:অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.