ETV Bharat / state

আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰঙিয়াত প্ৰতিবাদ - AASU Protest at Rangia

শুৱালকুছিত ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত ৰঙিয়াতো ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰঙিয়াত প্ৰতিবাদ

author img

By

Published : Feb 1, 2021, 10:23 PM IST

ৰঙিয়া, 1 ফেব্ৰুৱাৰী : শুৱালকুছিত ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত ৰঙিয়াতো ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্র সন্থাৰ কৰ্মী সকলে ৰঙিয়াৰ হাইৱে চক'ত আছু কৰ্মীক আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকা দাহ কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, বিজেপি চৰকাৰ গ' বেক, আদি ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে আছু কৰ্মীসকলে । ছাত্ৰ সন্থাৰ পৰা দিছপুৰলৈ গৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে আছু কৰ্মীক প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ধিক্কাৰ দি ইয়াৰ ফলাফল নিৰ্বাচনত পাব বুলিও ছাত্র সন্থাই বিজেপি চৰকাৰক সকীয়াই দিয়ে । ছাত্র সন্থাৰ কৰ্মীৰ ওপৰত এনে ঘটনাৰ পুনৰাবৃত্তি হ'লে ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : উপাধ্যক্ষ আমিনুল হক লস্কৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰাক্তন বিধায়ক এনামুল হকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.