ETV Bharat / state

Procession in Hajo : আছুৰ উদ্যোগত মক্কাৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ সমন্বয়ৰ শোভাযাত্ৰা

author img

By

Published : Jan 16, 2023, 10:28 PM IST

লোকাৰণ্য হৈ পৰিল তীৰ্থ নগৰী হাজো ৷ শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে ঐতিহাসিক পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈকে এক শুভাযাত্ৰা বাহিৰ কৰা হয় ৷ আছুৰ উদ্যোগত অনুষ্ঠিত এই সুভাযাত্ৰাত আছুৰ নেতৃবৰ্গৰ লগতে বহু হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে (AASU organizes coordination procession in Hajo)৷

AASU organizes coordination procession in Hajo
লোকে লোকাৰণ্য হৈ পৰিল তীৰ্থ নগৰী হাজো
লোকে লোকাৰণ্য হৈ পৰিল তীৰ্থ নগৰী হাজো

হাজো, 16 জানুৱাৰী : মাঘ মাহৰ প্ৰথম দিনটোতে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে তীৰ্থ নগৰী হাজোত (Procession in Hajo)৷ ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ তীৰ্থ নগৰী হাজোত আৰম্ভ হয় মহামিলনৰ পৰম্পৰাগত মণিকূট উৎসৱ ৷

এই উৎসৱৰ লগত সংগতি ৰাখি সমন্বয়ৰ শোভাযাত্ৰাও বাহিৰ কৰা হয় । হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হয় এই মহামিলনৰ পৰম্পৰাগত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা (Coordination procession in Hajo) ।

উল্লেখ্য যে, 1992 চনত বাবৰি মহজিদ আৰু ৰাম মন্দিৰক (Babri Masjid and Ram Temple) লৈ সমগ্ৰ দেশতে সংঘাতৰ সৃষ্টি হৈছিল ।

সেই সময়তে কিন্তু হাজোত তাৰ বিপৰীত ছবিহে দেখা পোৱা গৈছিল । তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হিন্দু-মুছলমানৰ সেই অপূৰ্ব মিলনৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস হিচাপে প্ৰত্যেক বছৰে হাজোত অনুষ্ঠিত হৈ আহিছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা ।

হাজোত সমন্বয়ৰ বাৰ্তা

মণিকূট উৎসৱ উপলক্ষে প্ৰতি বছৰে পহিলা মাঘত ছাত্ৰ সন্থাই আয়োজন কৰি অহা ‘‘সমন্বয় শোভাযাত্ৰা’’ এইবেলিও হাজোৰ পোৱামক্কা দাৰগাহৰ নামনিৰ পৰা আৰম্ভ কৰি মাধৱ মন্দিৰ প্ৰাংগণত সামৰণি মৰা হয় । হিল-দল ভাঙি অহা হাজোবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগত হাজোত আছুৰ উদ্যোগত দিনৰ প্ৰায় 11 বজাত উলিওৱা হয় এই বৰ্ণিল শোভাযাত্ৰা ৷

য’ত শোভাযাত্ৰাৰ পতাকা আদান-প্ৰদানেৰে শুভাৰম্ভ কৰে পোৱামক্কা দৰগাহৰ ‘খাদিম’ তৌফিকুৰ হুছেইন আৰু মাধৱ মন্দিৰৰ ‘দলৈ’ শিৱ প্ৰসাদ শৰ্মাই । প্ৰেম, ভ্ৰাতৃত্ববোধ আৰু সমন্বয়ৰ মহান বাণীৰ সংকল্প লৈ জাতি, ধৰ্মৰ নামত লেতেৰা ৰাজনীতিৰ পোখা মেলা অপ-শক্তিক মানৱ সমাজৰ পৰা আঁতৰাই পথাবলৈ আয়োজিত এই বৰ্ণিল ‘‘সমন্বয় শোভাযাত্ৰা’’ত হাজাৰ-হাজাৰ লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Separate State of Kamtapur; কোঁচ ৰাজবংশীসকলে মোক বৰ্জন কৰিয়েই থাকে : জুবিন গাৰ্গ

এই শোভাযাত্ৰাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ দাস, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ কামৰূপ জিলাৰ সভাপতি ভৱজ্যোতি ডেকা, সাধাৰণ সম্পাদক পংকজ কলিতা ।

অতিথি শিল্পী হিচাপে উপস্থিত থাকে ক্ৰমে ৰবি শৰ্মা, নয়ন নিলীম, কুসুম কৈলাশ, ৰিছা ভৰদ্বাজ, ৰূপম ভূঞা, বৰ্ণালী কলিতা, নেকিব, বুলবুল হুছেইন । ইয়াৰ উপৰিও ধিং এক্সপ্ৰেছ হিমা দাস, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, সাহিত্য অকাডেমী বঁটা প্ৰাপক য়েংছে দৰজে ঠংছি, বিশিষ্ট লিখক ড৹ মৃণাল কলিতা আদিয়ে অংশগ্ৰহণ কৰে ।

বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ কেবাটাও বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ উপৰিও হাজো অঞ্চলৰ ভালেমান সাংস্কৃতিক গোষ্ঠীয়ে মূলপথৰ দুয়োকাষে দুশাৰী হৈ জিকিৰ-জাৰী পৰিৱেশন কৰে ৷ লগতে গায়নে-বায়নে খোল-তাল লৈ আয়তীসকলে নাম-কীৰ্তন কৰি, বিহুৱা দলে নাচি-বাগি আনন্দ উল্লাখ কৰে ৷

ইয়াৰ উপৰিও চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য, বড়ো জনগোষ্ঠীয় বাগুৰুমবা-খেৰাই নৃত্য, একাংশ যুৱতীয়ে পাত-মুগাৰ সাজ পৰিধান কৰি পিতলৰ কলহ লৈ যোৱা মনোৰম দৃশ্যই পথৰ দুয়ো কাষে অধীৰ আগ্ৰহেৰে ৰৈ থকা সদৌটি ৰাইজৰ মন মোহিত কৰে ।

প্ৰায় তিনি ঘন্টা যোৰা এই শোভাযাত্ৰাৰ অন্ত পৰে মাধৱ মন্দিৰত । শোভাযাত্ৰাৰ অন্তত অনুষ্ঠিত কৰা সভাত বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : Sankardev Sangha Conference : শংকৰদেৱ সংঘৰ ধেমাজি অধিৱেশনৰ গুৰুগৃহ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.