ৰঙিয়া, 22 ডিচেম্বৰ: কা’ আন্দোলনক লৈ আছুৰ স্থিতি স্পষ্ট । কা’ বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় আছু । ক’ভিড পৰিস্থিতি ভালৰ ফালে আহিলেই জোৰদাৰ হ’ব কা’ আন্দোলন (AASU ready to protest against CAA)। কা’ আন্দোলনত পাঁচজন শ্বহীদ হৈছিল । এই পাঁচগৰাকী লোকক চৰকাৰে মৰ্যদা দিবই লাগিব ৷’’ এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ । ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ নৱনিৰ্মিত ভৱন আৰু শ্বহীদ বেদী উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে সভাপতি গৰাকীয়ে ।
ইফালে আছুৰ মূখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টচাৰ্যই(AASU chief advisor Samujjal Bhattacharya) আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰিব খোজা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া এক অতিকৈ দুখৰ খবৰ । বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ বন্ধ নকৰিবলৈ আছুৱে কেন্দ্ৰক দাবী জনোৱাৰ উপৰি সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে । এই ক্ষেত্ৰত অসম চৰকাৰ তথা সাংসদ সকলক অসমৰ স্বাৰ্থত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নেতাজনে ।
লগতে আছুৰ উপদেষ্টা গৰাকীয়ে কা’ আন্দোলনৰ শ্বহীদ সকলৰ সন্দৰ্ভত চৰকাৰে অনুসন্ধানেই নকৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । ৰাজপথত কোনে গুলীয়ালে পাঁচজন লোকক গুলীয়ালে সেয়াও চৰকাৰে স্পষ্ট নকৰিলে বুলিও কয় সমুজ্জল ভট্টাচাৰ্যই । কা’ বাতিল নোহোৱা পৰ্যন্ত আছু শান্ত নহয় বুলিও উপদেষ্টা গৰাকীয়ে স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক : Byelection in Assam : আকৌ ই ভি এমৰ বুটাম টিপিবলৈ সাজু হ’ব লাগিব ভোটাৰ