ETV Bharat / state

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজেপিৰ প্ৰতিনিধি দল - অসম প্ৰদেশ কংগ্ৰেছ

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে শিলচৰত উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল ৷ শুকুৰবাৰে উক্ত স্থানত উপস্থিত হ'ব দলটো ৷

a-team-of-ajp-visited-silchar-medical-college-after-lailapur-incident
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজেপিৰ প্ৰতিনিধি দল
author img

By

Published : Jul 29, 2021, 10:31 PM IST

গুৱাহাটী, 29 জুলাই : অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উক্ত ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে শিলচৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত দলৰ এটা প্ৰতিনিধি দল ৷ দলটোৱে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ লাইলাপুৰৰ গুলীচালনাত আহত চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ বুজ লয় ৷

লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যোৱা দলটোত আছিল দলৰ উপ-সভাপতি চমছেৰ সিং আৰু মিল্টন কুইয়া, প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, সাংগঠনিক সম্পাদক ফখৰুল ইছলাম মজুমদাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সম্ভিদ শৰ্মা আৰু জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক ইফটিকাৰ হুছেইন ৷ প্ৰাপ্ত খবৰ মতে, প্ৰতিনিধি দলটোৱে শুকুৰবাৰে পুৱা অসম-মিজোৰাম সীমান্তলৈ যাব আৰু পৰিস্থিতিৰ বুজ ল'ব ৷ কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত 26 জুলাইত সংঘটিত হোৱা ঘটনাত অসম আৰক্ষীৰ ছয়জন জোৱান নিহত হোৱাৰ উপৰি অৰ্ধ শতাধিক আৰক্ষী আহত হৈছিল ৷ এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সীমান্ত অঞ্চলত এতিয়াও অব্যাহত আছে উত্তেজনা ৷

a-team-of-ajp-visited-silchar-medical-college-after-lailapur-incident
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজেপিৰ প্ৰতিনিধি দল

খবৰ অনুসৰি, ঘটনাস্থলীলৈ বৰ্তমান কোনো লোককে যাবলৈ দিয়া হোৱা নাই ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দল ঘটনাস্থলীলৈ যাব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধা আৰোপ কৰে ৷ শুকুৰবাৰে উক্ত স্থানলৈ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যোৱা দলটোক যাবলৈ আৰক্ষীয়ে অনুমতি দিব নে নিদিয়ে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা হ'ব ৷ উক্ত ঘটনাৰ পাছতে বিভিন্ন দল-সংগঠনৰ লগতে অসম-মিজোৰাম সীমান্তত মিজো উগ্ৰপন্থীৰ দ্বাৰা চলোৱা গুলীচালনাত অসম পুলিচৰ 6 জনকৈ জোৱান নিহত হোৱাৰ উপৰিও কেইবাজনো আৰক্ষী তথা সাধাৰণ লোক আহত হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছিল বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ বিৰোধী দলপতিগৰাকীয়ে কয় যে, যদিও মিজো দুৰ্বৃত্ত বুলি কোৱা হৈছে, মোৰ অনুভৱ হয়, এয়া খুব সম্ভৱ মিজো আৰক্ষীয়ে হ'ব ৷

লগতে পঢ়কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আশাবাদী শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.