ৰঙিয়া, ২৯ আগষ্ট : ক'ভিড (Covid) মহামাৰীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে । বহুতে উপাৰ্জনৰ পথ হেৰুৱাইছে যদিও একাংশই আকৌ উপাৰ্জনৰ বাবে বিকল্প পথ বাছি লৈছে । আনকি একাংশৰ প্ৰতিভা বিকাশতো কিছু পৰিমাণে সহায় কৰিছে কৰ'ণা পৰিস্থিতি আৰু লকডাউনে (Lockdown) । কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ বালিসত্ৰ নামৰ এটা অঞ্চলৰ ছাত্ৰ এজনৰো জীৱন সলনি কৰিলে মহামাৰীয়ে ।
ছাত্ৰজনে বাঁহৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি ক্ষুদ্ৰ উদ্যোগলৈ পৰিণত কৰিছে সমগ্ৰ বালিসত্ৰ অঞ্চলটোক । বাঁহৰ বিভিন্ন ধৰণৰ সৌন্দৰ্যবৰ্ধক সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰি সকলোকে আকৰ্ষণ কৰিছে বিকি কুমাৰ নামৰ ছাত্ৰজনে । বাঁহৰ সামগ্ৰী বিক্ৰী কৰি আত্মনিৰ্ভৰশীল হোৱাৰো উদাহৰণ দাঙি ধৰিছে বিকিয়ে ।
বিকিৰ পিতৃ কুটীৰ শিল্পৰ (Cottage Art) লগত জড়িত আছিল । পিতৃৰ কুটীৰ শিল্পৰ বিদ্যাক অনুসৰণ কৰি বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল যুৱকজনে ।
ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে মহাবিদ্যালয় বন্ধ হৈ পৰাত পিতৃৰ পৰা আহৰণ কৰা কুটীৰ শিল্পৰ বিদ্যাকে সম্বল হিচাপে লৈ নিজৰ গাওঁখনতে কুটীৰ শিল্পৰ ব্যৱসায় আৰম্ভ কৰে কলেজীয়া ছাত্ৰ বিকিয়ে ৷ বিশেষকৈ নিজ হাতে বনোৱা বাঁহৰ বিচনী, চালনী, পাচি, খৰাহী, জাকৈ, চেপা আদি বিক্ৰীৰে তেওঁ মুকলি কৰিলে উপাৰ্জনৰ আন এক পথ ৷
প্ৰথমাৱস্থাত বিক্ৰীৰ সংখ্যা কম আছিল যদিও লাহে লাহে বাঁহৰ সামগ্ৰী কিনা গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া ছাত্ৰগৰাকীৰ মুখত বিৰিঙিছে আত্মসন্তুষ্টিৰ হাঁহি ৷ বাঁহৰ সামগ্ৰীবোৰ বিক্ৰী কৰি সেই টকাৰে নিজৰ লগতে নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ তেওঁ সক্ষম হৈছে । বিকিৰ এনে কাৰ্য্যক প্ৰশংসা কৰিছে সকলোৱে । চাকৰিৰ পিছত দৌৰি ফুৰা যুৱচামৰ বাবে এক সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে বিকিয়ে ।
লগতে পঢ়ক:ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...