বকো, ১৮ ফেব্ৰুৱাৰীঃ বকোৰ ছাটাবাৰীত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ ঘটনা। এখন বাহনেৰে চেপি পৰিকল্পিতভাৱে বাইক আৰোহীক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। দূৰ্ঘটনাটোত হৃদয় সিং নামৰ এজন ব্যক্তি থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কাৰ্তিক দাস।
বাহনখনৰ গৰাকী জিতু দাস নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ঘটনা সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই ঘটনা সংঘটিত কৰা বলেৰ' পিকআপ খনৰ নম্বৰ AS01-DC-2983 । ব্যক্তিগত কাজিয়াক কেন্দ্ৰ কৰি বাহনেৰে খেদি খেদি হত্যা কৰাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। ভুক্তভোগীৰ বাহনখন পালচাৰ AS01-DV-3726 ।