ETV Bharat / state

বকোত এখন দৈনিক বজাৰে সৃষ্টি কৰিছে অস্বাস্থ্যকৰ পৰিৱেশ - চাফ চিকুণ

বকোৰ মাজমজিয়াত থকা এখন দৈনিক বজাৰে এতিয়া অঞ্চলটোত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ দৈনিক বজাৰখনৰ দায়িত্বত থকা বকো বজাৰ কমিটিয়ে বজাৰখন চাফ চিকুণতাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে বুলি স্থানীয় লোকে সদৰি কৰিছে ৷

BOKO_DAILY MARKET
বকোত এখন দৈনিক বজাৰে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে
author img

By

Published : Jun 3, 2021, 9:49 PM IST

বকো,3 জুন: কামৰূপৰ বকোৰ মাজমজিয়াত থকা এখন দৈনিক বজাৰে এতিয়া অঞ্চলটোত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, বজাৰখনত থকা মাছ, মাংস কটা দোকানৰ পৰা ওলোৱা লেতেৰা বস্তুবোৰ ভাল দৰে চাফ চিকুণ নকৰাৰ ফলতে অঞ্চলটোত এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ যাৰ ফলত অঞ্চলটোত মাখি, ম’হে আৱৰি বজাৰখন কৰ্দযময় ৰূপ ধাৰণ কৰিছে ৷

আনহাতে দৈনন্দিন জীৱনত প্ৰয়োজনীয় শাক-পাচলি তথা বিভিন্ন খাদ্য সামগ্ৰীও এই বজাৰতে দৈনিক পোৱা যায় যদিও কোনেও বজাৰখনৰ পৰিস্কাৰ, পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইপিনে সকলোৱে নিজৰ দোকানৰ লেতেৰা জাৱৰ জোঁথৰ দোকানৰ পদূলিৰ একাষত জমা কৰি থৈ দিয়ে । একেদৰে দৈনিক বজাৰখনৰ দায়িত্বত থকা বকো বজাৰ কমিটিয়ে বজাৰখন চাফ চিকুণতাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে বুলি স্থানীয় লোকে সদৰি কৰিছে ৷

লগতে পঢ়কঃ কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়ালক সহায় লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.