গুৱাহাটী,31 আগষ্ট : ক'ভিড আতংকৰ মাজতে মহানগৰীত পুনৰ সক্ৰিয় হৈছে চিলনী চোৰৰ চক্ৰ ৷ শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন স্থানত এই চিলনী চোৰৰ চক্ৰই থপিয়াই নিছে দামী ম’বাইল ফোন, মহিলাৰ ডিঙিৰ চেইনৰ লগতে অন্যান্য মূল্যৱান সামগ্ৰী ৷ ইয়াৰ মাজতে সোমবাৰে মহানগৰীৰ ৰাজগড় অঞ্চলৰ 5 নং উপপথত ৰাইজে কৰায়ত্ত কৰে এটা চিলনী চোৰ ৷ চান্দমাৰী অঞ্চলৰ এজন যুৱকৰ পৰা এটা দামী ম'বাইল ফোন থপিয়াই পলাবলৈ চেষ্টা কৰোতেই ৰাইজে আটক কৰে চিলনী চোৰটোক ৷
আৰক্ষীয়ে জনোৱা মতে, চানমাৰি অঞ্চলৰ বাসিন্দা গোপী ৰয় নামৰ যুৱকজনে প্ৰতিদিনৰ দৰে সোমবাৰেও ৰাজগড়ৰ ৰাজপথত সান্ধ্য ভ্ৰমণ কৰি আছিল ৷ তেনে সময়ত স্কুটিত অহা দুই দুৰ্বৃত্তই যুৱকজনৰ হাতৰ পৰা এটা দামী ম'বাইল ফোন থপিয়াই লৈ যায় ৷ লগে লগে যুৱকজনে চিঞৰ-বাখৰ কৰাত স্থানীয় একাংশ লোকে ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক ধৰাৰ প্ৰয়াস কৰে ৷
অৱশেষত ৰাইজে স্কুটিত অহা এজন যুৱকক কৰায়ত্ত কৰে যদিও উদীপ ফুকন নামৰ আনজন যুৱক স্কুটিলৈ ঘটনা স্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ৷ ইফালে স্থানীয় লোকে কৰায়ত্ব কৰা চোৰটোক চানমাৰি আৰক্ষীক গতাই দিয়ে ৷ ধৃত চোৰটো মহানগৰীৰ গান্ধীবস্তি অঞ্চলৰ শ্ৰৱণ শইকীয়া বুলি জানিব পৰা গৈছে ৷
আনহাতে এই ঘটনাৰ লগত জড়িত আনটো চোৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত চোৰটোৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ যি সময়ত ড্ৰাগছৰ ক'লা বেহা উৎখাত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে তেনে সময়তে সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত সক্ৰিয় হৈছে চিলনী চোৰৰ চক্ৰ ৷ শেহতীয়াকৈ চিলনী চোৰে প্ৰাতঃভ্ৰমণ নতুবা সান্ধ্য ভ্ৰমণৰ বাবে অহা একাংশ লোকক লক্ষ হিচাপে বাচি লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ কঁহৰা ৰেঞ্জত মাতৃৰ পৰা বিচ্ছিন্ন গঁড়ৰ পোৱালি উদ্ধাৰ