ETV Bharat / state

এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা - apolo mill worker attempt to suicide

এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা ৷ একাংশ প্ৰত্যক্ষদৰ্শীৰ সহযোগত কৰ্মচাৰীগৰাকীক উদ্ধাৰ কৰি ততালিকে ৰঙিয়াৰ পলিক্লিনিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে কৰ্মচাৰী গৰাকীক ৷

a-apolo-mill-worker-attempt-to-suicide-at-rangia
ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা
author img

By

Published : Nov 22, 2020, 2:43 PM IST

ৰঙিয়া, 22 নৱেম্বৰ: এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ চৌহদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ দেওবাৰে বিষপান কৰি আত্মহত্যাৰ অপচেষ্টা কৰে বিছেন্নালা গাঁৱৰ উমেশ হালৈ (55) নামৰ এগৰাকী কৰ্মচাৰীয়ে ৷ একাংশ প্ৰত্যক্ষদৰ্শীৰ সহযোগত কৰ্মচাৰীজনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় ৰঙিয়াৰ পলিক্লিনিক হাস্পতালত ৷ পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত কৰ্মচাৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

ৰঙিয়াত এপ'ল মিলৰ কৰ্মচাৰীৰ আত্মহত্যাৰ অপচেষ্টা

উল্লেখ্য যে, বিগত 28 বছৰ ধৰি এপ'ল মিলত কৰ্মৰত হৈ আছিল উমেশ হালৈ ৷ কিন্তু প্ৰায় 4 বছৰ ধৰি মিলটো বন্ধ হৈ থকাৰ ফলত চাৰি বছৰৰ পৰা দৰমহা লাভ কৰা নাই উমেশ হালৈয়ে ৷ ফলত পৰিয়াল পোহপাল দিয়াত ব্যৰ্থ হয় কৰ্মচাৰীগৰাকী ৷ যাৰ বাবে হালৈয়ে আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ঘটনাটোৰ পিছতে মিলটোৰ কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, সোণোৱাল চৰকাৰে মিলটো কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিল কৰ্মচাৰীসকলক ৷ কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে ৷ যাৰ বাবে বৰ্তমান মিলটোৰ প্ৰায় 700 কৰ্মচাৰীৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ বহু আন্দোলন, প্ৰতিবাদৰ পিছতো গা লৰা নাই চৰকাৰৰ ৷

লগতে পঢ়কঃ শিৱসাগৰত পূৰ্ণ গতিত চলিছে ৰাসৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.