ETV Bharat / state

পুৱা 9বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Jan 28, 2021, 9:00 AM IST

পুৱা 9বজাৰ শীৰ্ষ বাতৰি

পুৱা 9বজাৰ শীৰ্ষ বাতৰি
পুৱা 9বজাৰ শীৰ্ষ বাতৰি

ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট

অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ,টিংৰাই আৰু ডুমডুমা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে ৷ ৰাজ্য চৰকাৰখনে আন আন বৃহৎ খণ্ডৰ ওচৰত ক্ষুদ্ৰ চাহ শ্ৰমিক সকলক শোষণ হ'বলৈ এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে ৷

কলিয়াবৰত নিৰ্ধাৰিত কাৰ্যসূচীৰ পূৰ্বে কিয় উপস্থিত হ’ল হিমন্ত বিশ্ব শৰ্মা !

চৰকাৰী বা কোনো ৰাজহুৱা কাম এৰি দলৰ হাইকামাণ্ডৰ নিৰ্দেশ অনুসৰি কোন কেতিয়া দিল্লীলৈ উৰা মাৰিব লগা হয়,তাৰ কোনো নিশ্চয়তা নাই । তেনে ঘটনাক্ৰমত পৰি পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্য‍সূচীৰ পৰিৱৰ্তে আগতিয়াকৈয়ে বুধবাৰে মাজনিশাই কলিয়াবৰত পদাৰ্পণ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

বিটিআৰ চুক্তিৰ বিৰোধিতা প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছুমুতিয়াৰীৰ

ঐতিহাসিক বিটিআৰ চুক্তিৰ বিৰোধিতাৰে বুধবাৰে The All India Bodo People National League for Statehoodৰ ক'লা দিৱস পালন ৷ কোকৰাঝাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ সভাপতি তথা লোকসভাৰ প্ৰাক্তন সাংসদ ছানচুমা খুুংগুৰ বিছুমুতিয়াৰীৰ ৷

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

বুধবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এটা শিল্প উদ্যোগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নিকাণ্ডত হতাহতি হোৱাৰ খবৰ বৰ্তমানলৈকে লাভ কৰিব পৰা হোৱা নাই ৷

50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

বুধবাৰে সোণালী জয়ন্তী অতিক্ৰম কৰিলে অনুৰাধা চিনেপ্লেক্সে ৷ এই উপলক্ষে চিত্ৰগৃহটিত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী

বৃহত্তৰ পূৱ নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধাবাৰে শিৱসাগৰত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা তথা স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে আয়োজন কৰা সভাত স্বয়ম আচঁনিৰ অধীনত কেইবাকুৰি যুৱক যুৱতীক প্ৰথম কিস্তিত 30 টকাকৈ চেক প্ৰদান কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপেশ গোৱালাৰ পদত্যাগ

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰূপেশ গোৱালাই বুধবাৰে কংগ্ৰেছ দলৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰে ৷

বিটিচিত শীঘ্ৰেই হ’ব পঞ্চমখন জিলা: হিমন্ত বিশ্ব শৰ্মা

বিটিচিত শীঘ্ৰেই ঘোষণা কৰা হ’ব পঞ্চমখন জিলা ৷ স্বাস্থ্য,বিত্ত,শিক্ষা আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিত বুধবাৰে এক সভাত অংশগ্ৰহণ কৰি এই কথা জানিবলৈ দিয়ে ৷

অনুৰাধা ছবিগৃহত বহু প্ৰত্যাশিত অসমীয়া ছবি 'মিডনাইট চং'ৰ বিশেষ প্ৰদৰ্শন

বুধবাৰে গুৱাহাটী মহানগৰীস্থিত অনুৰাধা ছবিগৃহত বিশেষ প্ৰদৰ্শন কৰা হয় অসমীয়া ছবি 'মিডনাইট চং'ৰ ৷ হলিউডৰ শিল্পীয়ে কণ্ঠদান কৰা এই ছবিখনে ইতিমধ্যে লাভ কৰিছে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা ৷ আগন্তুক 29 জানুৱাৰীত ছবিগৃহত মুক্তিলাভ কৰিব এই ছবিখন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.