ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10টা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ 10টা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ 10টা বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ 10টা বাতৰি
author img

By

Published : Feb 8, 2021, 9:09 AM IST

উত্তৰাখণ্ডৰ জলপ্ৰলয়:মানুহৰ হস্তক্ষেপ বৃদ্ধিয়ে বানপানীৰ সৃষ্টি কৰিছে

হিমালয়ত দিনক দিনে বাঢ়ি অহা মানৱীয় হস্তক্ষেপৰ ফলতে প্ৰলয়ৰ সৃষ্টি হৈছে ৷ এই মন্তব্য ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজীৰ পৰিচালক কালাচান্দ চাইৰ ৷ উত্তৰাখণ্ডত সংঘটিত জলপ্ৰলয়ৰ পাছতে এই মন্তব্য কালাচান্দ চাইৰ ৷ উত্তৰাখণ্ডৰ চাম'লি জিলাৰ যোশীমঠত হিমবাহ বিস্ফোৰণৰ ফলত ধৌলি গংগা নদীত বিধ্বংসী বানপানী ৷

মিত্ৰতাত মেলিল নেকি ফাঁট ! AIUDFৰ সভাত কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ ধ্বনি

দেওবাৰে দৰঙৰ দলগাঁৱত এআইইউডিএফ সভাত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে দিলে কংগ্ৰেছ বিধায়ক ইলিয়াছ আলি মুৰ্দাবাদ ধ্বনি ৷ বিগত 15 বছৰে কংগ্ৰেছ দলৰ বিধায়ক ইলিয়াছ আলি দখলত থকা দলগাওঁ সমষ্টিটোত আগন্তুক নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী এআইইউডিএফৰ ৷

প্ৰথমবাৰৰ বাবে পথ নিৰ্মাণ হ'ল ডিমা হাচাওৰ ইডিংলো গাঁৱত

হাফলঙৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিহামলাই সমষ্টিৰ ইডিংলো গাঁৱত 70 বছৰ ধৰি নাছিলে কোনো যাতায়াতৰ ব্যৱস্থা ৷ দেওবাৰে গাঁওখনত MSC ৰ বিশেষ পেকেজৰ ধনেৰে শুভাৰম্ভণি কৰা হয় এটি কেঁচা পথৰ ৷

লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ সিন্ধান্তৰ বিৰোধীতা জাগুনবাসীৰ

লাইকা-দধিয়াবাসীক সংস্থাপন দিয়াৰ বাবে শেহতীয়াকৈ চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় বাসিন্দাসকলে । দেওবাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাগুনৰ নামফাই আৰু পাহাৰপুৰ অঞ্চলৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে লাইকা-দধিয়াবাসী ৰাইজে ৷

কাছাৰত বিজেপিৰ সন্মিলনী সভা

কাছাৰ জিলাৰ বৰখলা নিৰ্বাচন চক্ৰৰ ৰাজা গোবিন্দ মেম'ৰিয়াল হাইস্কুল মাঠ প্ৰাংগনত বিজেপি দলৰ এখন সভা অনুষ্ঠিত হৈ যায় দেওবাৰে ৷ সভাত দলটোৰ বহু নেতা উপস্থিত থাকে ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰেই এই সভাৰ আয়োজন কৰা হয় ৷

মাৰ্ঘেৰিটাত 300 কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

কংগ্ৰেছ দল ত্যাগ কৰি 300 ৰো অধিক লোকৰ বিজেপিত যোগদান ৷ মাৰ্ঘেৰিটাত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলনত বিজেপিত যোগদান কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ দেওবাৰে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল বিজেপিৰ বৰ্ধিত পৃষ্ঠ প্ৰমুখ সন্মিলন ৷

পুনৰ নগাঁৱৰ ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

নগাঁও চহৰৰ ধিং গেটত দেওবাৰে পুনৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন স্কুটি আৰোহী থিতাতে নিহত হোৱাৰ লগতে এগৰাকী কণমাণি ছোৱালীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

লুইতৰ বুকুত 'ৰিভাৰ কাইট ফেষ্টিভেল'ৰ সফল সামৰণি

দেওবাৰে 'ৰিভাৰ কাইট ফেষ্টিভেল'ৰ অন্তিম দিন ৷ 5 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল এই ফেষ্টিভেল ৷ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল এই উৎসৱৰ ৷

কোন তিনি প্ৰাক্তন সাংসদক লৈ বিমোৰত পৰিছে দলীয় নেতৃত্ব ?

বিজেপিৰ তিনি প্ৰাক্তন সাংসদে এতিয়া চিন্তা বঢ়াইছে দলীয় নেতৃত্বৰ । কিয়নো তেওঁলোকক লাগে দলীয় টিকট । নিজৰ বাবে নহ'লেও সন্তানৰ বাবে হ'লেও লাগে দলীয় প্ৰাৰ্থিত্ব । ইতিমধ্যে, এই "আবদাৰ" বিজেপিৰ কেইগৰাকীমান ৰাষ্ট্ৰীয় নেতাৰ ওচৰতো ৰাখিছে তিনি প্ৰাক্তন সাংসদে ।

অচিৰেই মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ

চলিত বৰ্ষত মুকলি হ'ব বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ । উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.