ETV Bharat / state

অযোধ্যাৰ ৰাম মন্দিৰলৈ বকোৰ পৰা ৭ হাজাৰ বাঁহ প্ৰেৰণ - Donation to Ram Mandir

Ayodhya Ram Mandir: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ বাবে বকোৰ পৰা নিয়া হ’ব 7000 বাঁহ ৷ বিকলাংগ সন্থাৰ উদ্যোগত আৰু লাম্পীৰ একাংশ ধৰ্মপ্ৰাণ লোকৰ সহযোগত সংগ্ৰহ কৰা বাঁহখিনি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ।

Donation to Ram Mandir
অযোধ্যাৰ ৰাম মন্দিৰলৈ বকোৰ পৰা ৭ হাজাৰ বাঁহ প্ৰেৰণ
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:13 PM IST

অযোধ্যাৰ ৰাম মন্দিৰলৈ বকোৰ পৰা ৭ হাজাৰ বাঁহ প্ৰেৰণ

বকো, 4 জানুৱাৰী: অহা ২২ জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনটোৰ বাবে কৰা হৈছে বিশাল আয়োজন ৷ যাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিয়া হৈছে সামগ্ৰী ৷ অসমৰ পৰাও বহু সামগ্ৰী নিয়া হৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশেষ দিনটোৰ বাবে ৷

ৰাম মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় ৭ হাজাৰ বাঁহ প্ৰেৰণ কৰা হৈছে বকোৰ পৰা ৷ বকোৰ গোহালকোনা কছাৰীপামৰ পৰা প্ৰায় ১২৫০ কিল’মিটাৰ দূৰত্বৰ ৰাম মন্দিৰলৈ এখন ১০ চকীয়া কন্টেইনাৰৰ জৰিয়তে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে এই ৭ হাজাৰডাল বাঁহ ।

শুকুৰবাৰে পুৱতি নিশা অযোধ্যাৰ ৰাম মন্দিৰলৈ বকোৰ গোহালকোনাৰ পৰা ৰাওনা হ’ব কন্টেইনাৰখন । তাৰ পূৰ্বে অসম-মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীৰ পৰা সংগ্ৰহ কৰি গোহালকোনা কছাৰীপামত মজুত কৰি ৰখা হৈছিল ৭ হাজাৰডাল বাঁহ । অসম বিকলাংগ সন্থাৰ উদ্যোগত আৰু লাম্পীৰ একাংশ ধৰ্মপ্ৰাণ লোকৰ সহযোগত সংগ্ৰহ কৰা বাঁহখিনি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীৰ তত্বাৱধানত ইতিমধ্যে এই ৭ হাজাৰ বাঁহ প্ৰেৰণৰ কাৰ্য তীব্ৰবেগীত আগবাঢ়িছে । অসম বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক জীল চৌধুৰীৰ নেতৃত্বত লাম্পীৰ পৰা বিনামূলীয়াকৈ বাঁহখিনি সংগ্ৰহ কৰি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ।

লাম্পীৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ বাঁহ প্ৰেৰণ কৰাৰ সুবিধা লাভ কৰি গৌৰৱাম্বিত বুলি মন্তব্য কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীয়ে । ভগৱান ৰামৰ আজ্ঞাতেই এই মহান কৰ্ম কৰাৰ সুবিধা লাভ কৰা বুলি অৰ্জুন চেত্ৰীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: ৰাম মন্দিৰৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ বিৰোধীক আহ্বান ৰামদেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.